নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচলৰ সীমান্তত উগ্ৰপন্থী বিৰোধী অভিযান, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, লিডু,৩ মেঃ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত ভাৰতীয় সেনাৰ লগতে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অব্যাহত ৰাখিছে উগ্ৰপন্থী বিৰোধী অভিযান। যোৱা দুদিন ধৰি লেখাপানীস্থিত ভাৰতীয় সেনা আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ এটা দলে অৰুণাচল প্ৰদেশৰ মানমৌ আৰক্ষী থানাৰ অন্তৰ্গত ফিনভিৰুৰ গভীৰ অৰণ্যত বিশেষ সূত্ৰৰ পম খেদি উগ্ৰপন্থী বিৰোধী অভিযান চলায়। এই অভিযানকালত ফিনভিৰু অৰণ্যৰ পৰা বৃহত পৰিমাণৰ অস্ত্র-শস্ত্রৰ লগতে বহু পৰিমাণৰ বিস্ফোৰক সমগ্রী উদ্ধাৰ কৰে সেনা আৰু আৰক্ষীয়ে। উদ্ধাৰ হোৱা অস্ত্র-শস্ত্রসমূহ হৈছে এটা এ কে ৫৬ ৰাইফলছ, চাৰি জাঁই জীৱিত গুলি, দুটা লং বেৰেল ৰাইফল, এটা ২৩ পিষ্টল, এটা মেগজিন, ৩ জাঁই সক্ৰিয় গুলি, ৪৫০ গ্রাম বিস্ফোৰক সামগ্রী, লগতে ৪০ গ্রাম নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে। অভিযান কালত এন এছ চি এন (কে)ৰ চাৰজেণ্ট কৰ্ণেল মাকাম হাচেং আৰু তেখেতৰ সতীৰ্থসকলে ফিনবিৰোৰ গভীৰ অৰণ্যৰ মাজত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সমগ্রী। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ সমূহ সেনাই মানমৌ আৰক্ষীক গতাই দিয়ে। ভাৰতীয় সেনা আৰু অৰুণাচল আৰক্ষীয়ে বৰ্তমানেও উক্ত অঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে।
You might also like