নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগছুৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বুলি নিজকে দাবী কৰি অহা বিতৰ্কিত নেতা সন্তোষ ছেত্ৰীক কাৰাগাৰলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২ মে’: আগছুৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বুলি নিজকে দাবী কৰি অহা বিতৰ্কিত নেতা সন্তোষ ছেত্ৰীক গ্ৰেপ্তাৰ।
মাৰ্ঘেৰিটা আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত নেতা গৰাকীক । মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বাজাৰত আগছুৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বুলি নিজকে দাবী কৰি অহা বিতৰ্কিত নেতা সন্তোষ ছেত্ৰীৰ উদ্ভণ্ডালীৰ কৰি অহাৰ অভিযোগ লাভ কৰি মাৰ্ঘেৰিটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছেত্ৰীক। মাৰ্ঘেৰিটা বজাৰৰ ৰাজেশ কুমাৰ শ্বাহ নামৰ ব্যৱসায়ী এজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি বয় বস্ত লণ্ডভণ্ড কৰাৰ গুৰুতৰ অভিযোগ ছেত্ৰীৰ বিৰুদ্ধে । প্ৰাপ্ত তথ্য অনুসৰি মাৰ্ঘেৰিটা বজাৰ কমিটিৰো সম্পাদকৰ দ্বায়িত্বত থকা বিতৰ্কিত নেতাজনৰ ককায়েক বিষ্ণু ছেত্ৰীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান খন ৰাজেশ কুমাৰ শ্বাহক ভাড়া দিয়াৰ পাছত ভায়েক সন্তোষ ছেত্ৰীয়ে এইদৰে উদ্ভণ্ডালী কৰাত ৰাজেশৰ কুমাৰ শ্বাহৰ এজাৰ ভিত্তিত সন্তোষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। অন্যহাতে কিছুদিন পূৰ্বে এগৰাকী মহিলাকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছিল সন্তোষৰ বিৰুদ্ধে। একসূত্ৰই জানিবলৈ দিয়া অনুসৰি পৰিয়ালকেন্দ্ৰীক সংঘাটৰে পৰিণতিতেই কাৰাগাৰলৈ যাব লগা হ’ল বহু বিতৰ্কিত আগছুৰ স্বয়ম্ভু নেতা তথা অবৈধ সুৰাৰ আড্ডাৰস্থলি বুলি অভিযোগ থকা দাৰজিলিং হোটেলৰ স্বতাধীকাৰি সন্তোষ ছেত্ৰী।

 

You might also like