নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলঙৰ বাঢ়নী পানীৰ কবলত নগাঁও চহৰৰ ন ন এলেকা

বিশেষ বাৰ্তা, ২১ জুনঃ নগাঁও চহৰৰ মাজেদি বৈ যোৱা কলং নৈৰ বান পৰিস্থিতি ক্ৰমশঃ জটিল হৈ পৰিছে ৷ আজি ৫ দিন ধৰি কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাত নগাঁও চহৰকে ধৰি কলংপৰীয়া অঞ্চলসমূহত বান পৰিস্থিতি জটিল হৈ পৰিছে ৷ ইতিমধ্যে কলং নৈৰ জলপৃষ্ঠ যোৱা দুদিন ধৰি দ্ৰুতভাৱে বৃদ্ধি পাইছে ৷ জলসম্পদ বিভাগে জনোৱা তথ্য অনুসৰি আজি পুৱা কলং নৈ নগাঁও চহৰত বিপদসীমাৰ ১.৮৭ মিটাৰ ওপৰৰে বৈ আছে ৷ কলং নৈ বাঢ়নী পানীয়ে দক্ষিণপাট, বৰ’কলা, বেবেজীয়া, ডাকৰঘাট, শিয়ালমাৰী আদি অঞ্চল প্লাবিত কৰিছে ৷ কলঙৰ বাঢ়নী পানীয়ে নগাঁও চহৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷ চহৰখনত শিৱনগৰ কলংপাৰ পথ, দক্ষিণহয়বৰগাঁও, ভূঞাপট্টি, ফৌজদাৰীপট্টি , পুলিচ ৰিজাৰ্ভ, টাউনতেলীয়াগাঁও, পানীগাঁও,বালিভূই,ছোটহয়বৰগাঁও, মধুপুৰ ,বৈদ্যটোপ,লক্ষীনগৰ ,খুটিকটীয়াকে ধৰি চহৰ খনৰ বিভিন্ন এলেকা বাঢ়নী পানীয়ে প্লাবিত কৰিছে ৷ তদুপৰি চহৰ খনৰ একমাত্ৰ ৰাজহুৱা পথাৰ নেহেৰুৱালি কলঙৰ পানীৰে বুৰাই পেলোৱাৰ লগতে কৃষ্ণাশ্ৰম শিৱ মন্দিৰকে ধৰি বিভিন্ন মঠ মন্দিৰ ,শিক্ষানুষ্ঠান আদি বানৰ কৱলত পৰিছে ৷ কলঙৰ জলপৃষ্ঠ এনেদৰে বৃদ্ধি হৈ থাকিলে নগাঁও চহৰ ভয়ংকৰ বানৰ বানৰ কৱলত পৰাৰ সম্ভাৱনা আছে ৷ তদুপৰি চহৰ খনৰ মৰিকলং বিলৰ জলপৃষ্ঠ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷শিৱনগৰ কলংপাৰ পথৰ মঠাউৰিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে কলঙৰ পানীয়ে।

প্ৰেৰক কনক হাজৰিকা

You might also like