নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ৫ দিনলৈ মণিপুৰত উপলব্ধ নহয় ইণ্টাৰনেট

বিশেষ বাৰ্তা, ৭ অক্টোবৰঃ মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ৰাজ্যখনত ইণ্টাৰনেট নিষেধাজ্ঞা আৰু পাঁচ দিনৰ বাবে বৃদ্ধি কৰিছে। কালি মণিপুৰ গৃহ বিভাগে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে ৬ অক্টোবৰত আৰক্ষী সঞ্চালক প্ৰধানৰ পত্ৰত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ, নিৰ্বাচিত সদস্যৰ বাসগৃহত ভিৰ কৰাৰ চেষ্টা আৰু নাগৰিক প্ৰতিবাদ আদিৰ সৈতে জড়িত হিংসাত্মক কাণ্ডৰ কথা উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে যে একাংশ অসামাজিক উপাদানে বৃহৎ পৰিসৰত ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি জনসাধাৰণৰ আৱেগক উচটনি দিব পাৰে, ঘৃণামূলক ভাষণ আৰু ঘৃণামূলক ভিডিঅ’ বাৰ্তা সম্প্ৰচাৰ কৰিব পাৰে, যাৰ ফলত মণিপুৰত আইন-শৃংখলা বিঘ্নিত হ’ব পাৰে। ফলত হ’ব পাৰে গুৰুতৰ পৰিণতি। সেয়েহে টেলিকমিউনিকেচন সেৱাৰ অস্থায়ী নিলম্বন (ৰাজহুৱা জৰুৰীকালীন বা জনসাধাৰণৰ সুৰক্ষা) নিয়ম ২০০৭ৰ নিয়ম ২ৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি মণিপুৰৰ ভূখণ্ডৰ অধিকাৰক্ষেত্ৰত ভিপিএনৰ জৰিয়তে মোবাইল ইণ্টাৰনেট/ডাটা সেৱা, ইণ্টাৰনেট/ডাটা সেৱাৰ নিৰ্দেশ দিয়া হৈছে। অহা ৫ দিনৰ বাবে তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হ’ব। এই নিলম্বন আদেশ অহা ১১ অক্টোবৰৰ সন্ধিয়া ৭:৪৫ বজালৈকে বলৱৎ থাকিব। বুধবাৰে নিশা প্ৰায় ১০ বজাত ইম্ফল পশ্চিম জিলাৰ পাটছয় থানা এলেকাৰ নিউ কিথেলমানবিত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। সংবাদ সংস্থা পিটিআইৰ মতে, অঞ্চলটোৰ কমেও দুটা ঘৰত অগ্নিসংযোগ কৰাৰ লগতে কেইবাটাও গুলীচালনা সংঘটিত হয়। বৃহস্পতিবাৰে আৰক্ষীয়ে এই বিষয়ে অৱগত কৰিছিল। আৰক্ষীয়ে জনাইছিল যে এতিয়া অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

You might also like