নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলীৰ আগতেই দিল্লীৰ বায়ুৰ গুণাগুণৰ অৱনতি

বিশেষ বাৰ্তা, ৭ অক্টোবৰঃ দীপাৱলীলৈ এতিয়াও এমাহ বাকী আছে যদিও দিল্লীৰ বায়ুৰ গুণাগুণ সৰ্বোচ্চ স্তৰত উপনীত হৈছে। দিল্লী চৰকাৰে প্ৰদূষণ হ্ৰাস কৰাৰ বাবে নিজৰ একচন প্লেন আৰম্ভ কৰা বুলি দাবী কৰিছে। দিল্লী চৰকাৰে কয় যে এই ব্যৱস্থাসমূহ পৰ্যায়ক্ৰমে কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ তেওঁলোকৰ বিষয়াসকলক কোৱা হৈছে, যাৰ জৰিয়তে পথৰ কাষৰ খাদ্যৰ দোকান, হোটেল আৰু ৰেষ্টুৰেণ্টত কয়লাৰ ব্যৱহাৰ নিষিদ্ধ কৰা হ’ব। GRAP সম্পৰ্কীয় কেন্দ্ৰীয় চৰকাৰৰ উপ-সমিতিৰ এখন বৈঠকত কোৱা হৈছিল যে যোৱা ২৪ ঘন্টাত অঞ্চলটোৰ বায়ুৰ গুণাগুণৰ পৰিমাপ হঠাতে হ্ৰাস পাইছে যাৰ বাবে দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI) হ্ৰাস পাইছে ২১২ অৰ্থাৎ দুৰ্বল শ্ৰেণীত উপনীত হৈছে। বায়ুৰ গুণাগুণৰ অধিক অৱনতি ৰোধৰ প্ৰচেষ্টাৰ অংশ হিচাপে সমগ্ৰ এনচিআৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰথম পৰ্যায়ৰ জিআৰপি কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছে বুলি বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে এক বিবৃতিত কয়। শীতকাল ওচৰ চাপি অহাৰ লগে লগে দিল্লীত বৃদ্ধি পোৱা প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত দিল্লী চৰকাৰে শীতকালীন কৰ্ম পৰিকল্পনাৰ অধীনত ধূলিবিৰোধী অভিযান আৰম্ভ কৰিছে। দিল্লী চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই অভিযান আজিৰ পৰা ৭ নৱেম্বৰলৈ চলিব। ধূলিবিৰোধী অভিযানৰ প্ৰথম দিনা আজি পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে ৱাজিৰপুৰ অঞ্চলৰ হট স্পটসমূহৰ আকস্মিক পৰিদৰ্শন কৰিব। দিল্লীৰ বায়ুৰ গুণাগুণক চাৰিটা ভাগত বিভক্ত কৰিছে চৰকাৰে। প্ৰথম শ্ৰেণীটো প্ৰয়োগ কৰা হয় যেতিয়া বায়ুৰ গুণাগুণ সূচকাংক (AQI) ২০১-৩০০ অৰ্থাৎ ‘দুৰ্বল’ হয়। দ্বিতীয় শ্ৰেণীটো AQI ৩০১-৪০০ (অতি দুৰ্বল) হ’লে প্ৰয়োগ কৰা হয়, তৃতীয় শ্ৰেণীটো AQI ৪০১-৪৫০ (গুৰুতৰ) হ’লে প্ৰয়োগ কৰা হয় আৰু চতুৰ্থ শ্ৰেণীটো AQI ৪৫০ তকৈ অধিক (গুৰুতৰতকৈ অধিক) হ’লে প্ৰয়োগ কৰা হয়।

You might also like