নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীৰ সৈতে হোৱা আলোচনাকালত মুখ্যমন্ত্ৰীজনে ৰাজ্যৰ সামাজিক-অৰ্থনৈতিক অগ্ৰগতিৰ বিষয়ত অৱগত কৰাৰ লগতে অসমৰ অৰ্থনৈতিক উন্নয়নত নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সহায় সহযোগিতা কামনা কৰে

কনকলতা বৰুৱা বিশ্ববিদ্যালয় : সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালায়ত দুপৰীয়াৰ ভাগত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আলোচনাকালত মুখ্যমন্ত্ৰীয়ে জনায় যে সামাজিক আৰু আৰ্থনৈতিক সূচকসমূহত অসমে শেহতীয়াকৈ উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। বিশেষকৈ ৰাজ্যৰ কল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে পৰা ৰাজ্যৰ সৰ্বশ্ৰেণীৰ জনসাধাৰণক সামৰি লোৱা হৈছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিছত সংসদ ভৱনতেই মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকো সাক্ষাত কৰে। সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে গহপুৰত স্থাপন কৰিব লগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ বাবে সীতাৰমনক আমন্ত্ৰণ জনায়।

পাছত নিজৰ ‘এক্স’ পৃষ্ঠাত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ মহান স্বাধনীতা সংগ্ৰামী বীৰাংগনা কনকলতা বৰুৱাৰ নামত উতসৰ্গ কৰিব লগীয়া বিশ্ববিদ্যালয়খন হব আছুতীয়াকৈ উদ্যোগকেন্দ্ৰীক অধ্যায়নৰ বাবে দেশৰ প্ৰথমখন শিক্ষানুষ্ঠান। বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰমত ‘আৰ্টিফিচিয়েল ইন্টালিজেন্স’, ‘কোয়ান্টাম কম্পিউটিং’, ‘ৰোবটিকছ’ আদি উদীয়মান বিষয়সমূহক সামৰি লোৱা হব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীৰ সৈতে হোৱা আলোচনাকালত মুখ্যমন্ত্ৰীজনে ৰাজ্যৰ সামাজিক-অৰ্থনৈতিক অগ্ৰগতিৰ বিষয়ত অৱগত কৰাৰ লগতে অসমৰ অৰ্থনৈতিক উন্নয়নত নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সহায় সহযোগিতা কামনা কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰে হোৱা আলোচনাকালত কেন্দ্ৰীয় বিদেশ আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, কনাদ পুৰকায়স্থ আৰু ৰামেশ্বৰ তেলীয়ে উপস্থিত থাকে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীজনে আজি কেন্দ্ৰীয় কয়লা আৰু খনিমন্ত্ৰী জি কিশান ৰেড্ডীকো সাক্ষাত কৰে। ৰেড্ডীৰ বিভাগীয় কাৰ্যালয়ত হোৱা সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে মাৰ্ঘেৰিটাত কোল ইণ্ডিয়া লিমিটেডৰ  খননকাৰ্যক অধিক উতপাদনশীল তথা কৰ্যকৰী কৰি তোলাৰ বাবে তেওঁক অনুৰোধ জনোৱা বুলি এক্সযোগে জানিবলৈ দিয়ে।

বিশেষ বাৰ্তা, নতুন দিল্লী : 28 July, 2025

You might also like