নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেহাদীৰ জেৰাত বিস্ফোৰক তথ্যঃ ঢাকালিয়াপাৰাৰ জামিউল একাডেমীৰ পৰাই মৌলবাদৰ নেটৱর্ক

নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ কুখ্যাত সন্ত্রাসবাদী সংগঠন আল–কায়দাই অসমত খোপনি পোতা সম্পর্কীয় বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে বৰপেটাত ধৃত ৫ জেহাদীৰ স্বীকাৰোক্তিত৷ বিশেষকৈ বাংলাদেশী নাগৰিক মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদ ঢাকালিয়াপাৰাই কিদৰে মাদ্রাছাত শিক্ষকতা তথা মছজিদ ইমামতিৰ সুযোগ লৈ ৰাজ্যত জেহাদৰ নেটৱর্ক সম্প্রসাৰিত কৰিছিল, তাৰ ভাবিব নোৱাৰা কেতবোৰ কর্মকাণ্ড স্পষ্ট হৈছে৷ বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ আৰাইহাজাৰ আৰক্ষী থানাৰ অন্তর্গত আতাইডিৰ বাসিন্দা এইজন মহম্মদ সুমন হৈছে আল–কায়দাই বাংলাদেশৰ ভূমিৰ পৰা সমগ্র ভাৰত উপ–মহাদেশক খলিফা ৰাষ্ট্র হিচাপে গঠনৰ ব্লুপ্রিণ্ট ৰচি গঠন কৰা ‘আল–কায়দা ইন ইণ্ডিয়ান ছাব–কণ্টিনেণ্ট’ (এ কিউ আই এছ)ৰ সৈতে প্রত্যক্ষভাৱে জড়িত আনছাৰুল ইছলামৰ দুর্ধর্ষ সন্ত্রাসবাদী৷ কিন্তু সীমান্তৰক্ষী তথা অসম আৰক্ষীৰ চকুত ধূলি দি ভাৰত ভূমিত প্রৱেশ কৰা এই সন্ত্রাসবাদীজনে ২০১৯ চনৰ পৰাই বৰপেটা জিলাৰ ঢাকালিয়াপাৰাস্থিত জামিউল হুদা ইছলামী একাডেমীত আৰবী শিক্ষক হিচাপে কর্মৰত আছিল৷ ঢাকালিয়াপাৰা মছজিদৰ সমীপৱর্তী এই জামিউল একাডেমীৰ পৰাই বাংলাদেশী সুমনে ৰাজ্যত বিয়পাই দিছিল মৌলবাদৰ নেটৱর্ক৷

উল্লেখ্য যে শুকুৰবাৰৰ নিশা চোৰাংচোৱাৰ নির্দিষ্ট তথ্যৰ ভিত্তিত এই সন্ত্রাসবাদীজনৰ লগতে আন চাৰিজন জেহাদীক হাউলী, বৰপেটা আৰু কলগাছিয়াৰ পৰা গ্রেপ্তাৰ কৰিছিল অসম আৰক্ষীৰ বিশেষ শাখাই৷ ধৃত আন চাৰি জেহাদী হ’ল খাইৰুল ইছলাম, বাদশ্বাহ ছুলেইমান খান, নৌছাদ আলী আৰু টাইমুৰ ৰহমান খান৷ গ্রেপ্তাৰ কৰাৰ পাছত বৰপেটা সদৰ থানাত ৰুজু হোৱা ২৬৮/২০২২ নম্বৰৰ গোচৰৰ বিপৰীতে আটাইকেইজনকে স্থানীয় আদালতত হাজিৰ কৰায়৷ আৰক্ষীয়ে সাত দিনৰ জিম্মাত লোৱাৰ পাছতেই জেৰা অব্যাহত ৰাখিছে৷ বাংলাদেশী সুমনে জেহাদৰ নেটৱর্ক সম্প্রসাৰিত কৰা সম্পর্কত লাভ কৰা তথ্য অনুসৰি দুবছৰ পূর্বে বাংলাদেশী নাগৰিকজনে কলকাতাৰ পৰা অসমত উপস্থিত হৈছিল৷ তাৰ পাছতে ঘনিষ্ঠ ছাইফুলৰ সৈতে ঢাকালিয়াপাৰাৰ জামিউল হুদা ইছলামিক একাডেমীৰ অধ্যক্ষৰ সৈতে চিনাকি হয়৷ চিনাকিৰ সময়ত বাংলাদেশী সুমনে নিজকে পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ বাসিন্দা বুলি পৰিচয় দিয়াৰ লগতে দেওবন্দৰ পৰা শিক্ষা লাভ কৰাৰ কথা উল্লেখ কৰিছিল৷ সেই কথাতেই পতিয়ন গৈ বাংলাদেশী নাগৰিকজনক জমিউল হুদা ইছলামিক একাডেমীত শিক্ষক পদত নিযুক্তি দিয়া হৈছিল৷ আনকি সহমর্মিতা লাভ কৰিবলৈ এইজন সন্ত্রাসবাদীয়ে নিজকে অনাথ বুলিও দাবী কৰিছিল৷ অকল কর্মসংস্থাপনৰ ক্ষেত্রতে নহয়, এই পৰিচয়েৰে চিৰাং জিলাৰ বিজনীৰ এজন যুৱতীকো নিকাহ কৰিছিল সন্ত্রাসবাদী সুমনে৷ এনেদৰে সন্ত্রাসবাদ–জেহাদৰ শ্লীপাৰ চেল গঠন কৰি বৰপেটা জিলাৰ লগতে ভিন্ন প্রান্তত আনছাৰুল ইছলামৰ সদস্যজনে মৌলবাদৰ নেটৱর্ক সম্প্রসাৰিত কৰিছিল৷ অকল জামিউল হুদা ইছলামিক একাডেমীত শিক্ষক হিচাপে নাথাকি এইজন বাংলাদেশী নাগৰিকে স্থানীয় মছজিদতো ইমামতি কৰা বুলি জানিবলৈ দিয়ে স্থানীয় লোকসকলে৷

ইফালে সুমনৰ জালত ভৰি দি জেহাদৰ পথত অগ্রসৰ হোৱা টাইমুৰ ৰহমান খান সন্দর্ভতো কেতবোৰ তথ্য লাভ কৰা হৈছে৷ সেই অনুসৰি টাইমুৰ ৰহমান খানে হাউলীৰ খণ্ডকাৰপাৰা বজাৰৰ এটা ভাৰাঘৰত দ্বিতীয় পত্নীৰ সৈতে বাস কৰিছিল৷ জেহাদীজনৰ প্রথমা পত্নীয়ে জানিবলৈ দিয়া মতে, টাইমুৰে ঢাকালিয়াপাৰাৰ নিজ ঘৰতো মাজে–সময়ে বসবাস কৰিছিল৷ কিন্তু দ্বিতীয় বিবাহ সম্পন্ন কৰাৰ পাছত হাউলীৰ খণ্ডকাৰপাৰা বজাৰত দর্জীৰ কামত নিয়োজিত টাইমুৰে দ্বিতীয় বিবাহ কৰিছিল৷ অস্ত্র–শস্ত্র আৰু বৌদ্ধিক পন্থাৰ বিপৰীতে ইলেক্ট্রনিক মাধ্যমেৰে জেহাদৰ জাল অসমত বিস্তাৰিত কৰিবলৈ অহৰহ চেষ্টা কৰা এই সন্ত্রাসবাদী গোটটোৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বর্তমানে তদন্ত অব্যাহত ৰাখিছে৷ এই তদন্তত আৰু অধিকসংখ্যক লোক জালত পৰাৰ সম্ভাৱনা প্রকট৷

ইফালে অসম মুলুকত বিশ্বত্রাস আল–কায়দাৰ দৰে সংগঠনৰ অস্তিত্ব পোহৰলৈ অহাৰ পাছত বিভিন্নজনে প্রতিক্রিয়া প্রকাশ কৰিছে৷ সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এজন বাংলাদেশী নাগৰিকে কিদৰে সীমান্ত পাৰ হৈ অসমত প্রৱেশ কৰি জেহাদৰ জাল বিয়পাবলৈ সক্ষম হ’ল বুলি প্রশ্ন উত্থাপন কৰে৷ সমান্তৰালভাৱে তেওঁ কয় যে এজন অপৰিচিত ব্যক্তিক মাদ্রাছাৰ শিক্ষক বা মছজিদৰ ইমাম হিচাপে নিযুক্তি দিয়াৰ পূর্বে স্থানীয় ৰাইজে বিষয়টো চাব লাগিছিল৷ কিয়নো বিদেশৰ এজন অপৰিচিত ব্যক্তিৰ অসমত উপস্থিতি দেশ তথা অসমৰ নিৰাপত্তাৰ কাৰণে ভাবুকিস্বৰূপ৷ অনুৰূপ মন্তব্য কৰিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ো৷ তেওঁ কয় যে অচিনাকি এজন ব্যক্তি আমাৰ দেশ তথা সমাজৰ কাৰণে ভাবুকিস্বৰূপ৷ এনে ব্যক্তিৰ উপস্থিতিৰ লগে লগে বিষয়টো সংশ্লিষ্ট সমাজে প্রশাসনক অৱগত কৰোৱাটো উচিত৷ হিন্দু যুৱ–ছাত্র পৰিষদ, অসমৰ সভাপতি বলেন বৈশ্যই এইক্ষেত্রত চোকা সমালোচনা কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক আৰু বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক৷ তেওঁ কয় যে এইক্ষেত্রত সাংসদ আব্দুল খালেক আৰু বিধায়ক শ্বেৰমান আলী আহমেদ সন্দেহৰ ঊর্ধ্বত নহয়৷ লগতে জেহাদীকেইজন গ্রেপ্তাৰ হোৱা অঞ্চলৰ স্থানীয় লোকক জেহাদৰ পৃষ্ঠপোষক বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে স্থানীয় এনে লোকৰ পৃষ্ঠপোষকতাতে অসমত সন্ত্রাসবাদ বিয়পোৱা শক্তিয়ে ক্রিয়া কৰি আছে৷ ৰাজ্যিক বিজেপিয়েও সমগ্র বিষয়টোত প্রক্রিয়া প্রকাশ কৰিছে৷ ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা দাবী কৰা মতে, সন্ত্রাসবাদৰ আন্তঃৰাষ্ট্রীয় প্লেটফর্ম ‘হাক্কানি নেটৱর্ক’ আর্হিত অসমতো আল–কায়দা ইন ইণ্ডিয়ান ছাব–কণ্টিটেণ্টে চৰ–চাপৰিৰ মাদ্রাছাসমূহত ইছলামীয় সন্ত্রাসবাদী সংগঠনৰ হৈ শ্লীপাৰ চেলৰ বিশাল নেটৱর্ক গঢ়ি তোলাৰ কাম তীব্রগতিত অব্যাহত ৰাখিছে৷

You might also like