নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ বছৰ : আদালতৰ দ্বাৰস্থ ৰজনীকান্তৰ জোঁৱায়েক

🔹 ঐশ্বৰ্যৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ধনুশৰ

বিশেষ বাৰ্তা, ৯ এপ্ৰিল : আদালতৰ দ্বাৰস্থ অভিনেতা ৰজনীকান্তৰ জোঁৱায়েক ধনুশ। অৱশ্যে আদালতৰ দ্বাৰস্থ হোৱাৰ কাৰণ পাৰিবাৰিকহে। বিবাহ বিচ্ছেদৰ আবেদন লৈ আদালতৰ দ্বাৰস্থ হৈছে ৰজনীকান্তৰ জোঁৱায়েক ধনুশ আৰু কন্যা ঐশ্বৰ্য। উল্লেখ্য যে ২০২২ চনত ধনুশ আৰু ৰজনীকান্তৰ কন্যা ঐশ্বৰ্যই পৰস্পৰৰ পৰা আঁতৰি থকাৰ কথা ঘোষণা কৰিছিল। বিবাহৰ ১৮ বছৰ পিছত বিচ্ছেদৰ ঘোষণা কৰিছিল অভিনেতা ধনুশ-ঐশ্বৰ্যই। অনুৰাগীৰ লগতে অভিনেতাগৰাকীৰ পিতৃয়েও আশা কৰিছিল যে এই সম্পৰ্ক হয়তো ঠিক হ’ব। কিন্তু সেই আশা পূৰণ নহ’ল। জনা মতে, এতিয়া ৰজনীকান্তৰ জীয়েক আৰু জোঁৱাই আইনী বিচ্ছেদৰ পথত আগবাঢ়িছে। আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছে। ২০০৪ চনত ধনুষ ঐশ্বৰ্যৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেতিয়া তেওঁৰ বয়স হৈছিল মাত্ৰ ২০ বছৰ। এতিয়া ধনুশৰ বয়স ৩৮ বছৰ। সমগ্ৰ দেশতে অভিনেতা হিচাপে ধনুশৰ সুনাম আছে। ২০১২ চনত ঐশ্বৰ্যই প্ৰথমবাৰৰ বাবে ছবি পৰিচালনা কৰিছিল। তেওঁৰ প্ৰথমখন ছবিৰ নায়ক আছিল ধনুশ। সেই চিনেমাৰ ‘কোলাবড়ী ডি’ গীতটোৱে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। ঐশ্বৰ্য-ধনুশৰ দুজন পুত্ৰ আছে। ২০২২ চনৰ ১৭ জানুৱাৰীত ধনুশে হঠাতে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰি লিখিছিল- “বন্ধু, প্ৰেমিক, সন্তানৰ পিতৃ-মাতৃ আৰু ইজনে সিজনৰ শুভাকাংক্ষী হিচাপে কটোৱা ১৮ বছৰ। এই ভ্ৰমণে মোক খাপ খুৱাবলৈ শিকাইছিল, গ্ৰহণ কৰিবলৈ শিকাইছিল, বহু কথা বুজাইছিল, মোক পৰিপক্ব কৰি তুলিছিল। আজি আমি এনে এটা পৰ্যায় পাইছোঁ, য’ত আমাৰ পথবোৰ বিচ্ছিন্ন হৈ পৰিছে। ঐশ্বৰ্য আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছোঁ। ব্যক্তিক নিজকে বুজিবলৈ সময়ৰ প্ৰয়োজন। আমাৰ এই সিদ্ধান্তক সন্মান জনাব বুলি আশা কৰিলোঁ। ওম নম শিৱ।” যদিও সেই সময়ত ধনুশৰ পিতৃ তথা দক্ষিণৰ চলচ্চিত্ৰ নিৰ্মাতা কস্তুৰী ৰাজাই দাবী কৰিছিল যে তেওঁৰ পুত্ৰ আৰু বোৱাৰীৰ বিবাহ বিচ্ছেদ হোৱা নাই।

You might also like