নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইছিছ ইণ্ডিয়াৰ মুৰব্বীক গ্রেপ্তাৰ ধুবুৰীত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ লোকসভা নির্বাচনৰ প্রাক্ক্ষণত ভয়ংকৰ কূটাঘাতৰ লক্ষ্যৰে বাংলাদেশৰ পৰা অসমত প্রৱেশ কৰা কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছৰ মুৰব্বীক এজন সহযোগীসহ ধুবুৰীৰ ধৰমশালাৰ পৰা গ্রেপ্তাৰ কৰা হৈছে৷ অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ (এছটিএফ)–এ অভিযান চলাই আজি আইছিছ ইণ্ডিয়াৰ মুৰব্বী হৰিশ ফাৰুকী ওৰফে হৰিশ আজমল ফাৰুকী আৰু সহযোগী অনুৰাগ সিং ওৰফে ৰিহানক গ্রেপ্তাৰ কৰে৷ নেচনেল ইনভেষ্টিগেচন এজেন্সী (নিয়া)ৰ লগতে কেইবাটাও তদন্তকাৰী সংস্থাৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী হিচাপে তালিকাভুক্ত আছিল হৰিশ ফাৰুকী আৰু অনুৰাগ সিং৷ অসম আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি আইছিছৰ দুই শীর্ষ নেতাই চুবুৰীয়া ৰাষ্ট্র বাংলাদেশত বাহৰ পাতি থকাৰ পিছত কূতাঘাতমূলক কার্যকলাপৰ লক্ষ্যৰে ধুবুৰীৰে ভাৰতত প্রৱেশ কৰাৰ তথ্য ভগ্নী সংস্থাৰ পৰা লাভ কৰিছিল৷ ইয়াৰ পিছতে এছটিএফৰ মুৰব্বী আইজিপি পার্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক আৰু আন কেইবাজনো শীর্ষ আৰক্ষী বিষয়াৰ এটা দল ধুবুৰী অভিমুখে ৰাওনা হয়৷ দুই শীর্ষ সন্ত্রাসবাদীক কৰায়ত্ত কৰাৰ লক্ষ্যৰে ১৯ মার্চৰ সন্ধিয়া তেওঁলোক ধুবুৰীত উপস্থিত হয়৷ ইয়াৰ পিছতে এছটিএফৰ দলটোৱে আন্তঃৰাষ্ট্রীয় সীমাৰ আশেপাশে সন্ত্রাসবাদী দুজনৰ সন্ধানত অভিযান আৰম্ভ কৰে৷ আজি কাহিলি পুৱা প্রায় ৪.১৫ বজাত হৰিশ ফাৰুকী আৰু অনুৰাগ সিঙে আন্তঃৰাষ্ট্রীয় সীমান্ত পাৰ হৈ ধুবুৰীৰ ধৰমশালাত উপস্থিত হোৱাৰ তথ্য এছটিএফৰ দলটোৱে লাভ কৰে৷ সেই স্থানতে তেওঁলোকক গ্রেপ্তাৰ কৰি আজি গুৱাহাটীস্থিত এছটিএফৰ কার্যালয়লৈ লৈ অহা হয়৷ দুয়োজন সন্ত্রাসবাদীৰ বিৰুদ্ধে ‘নিয়া’ৰ উপৰি দিল্লী, লক্ষ্ণৌ আদিত এণ্টি টেৰৰিজম স্কোৱাডত কেইবাটাও গোচৰ ৰুজু হৈ আছে৷ সেয়েহে আইনী প্রক্রিয়া অনুসৰি এছটিএফে ধৃত দুই সন্ত্রাসবাদীক নিয়ালৈ হস্তান্তৰ কৰিব৷ উল্লেখ্য যে ডেৰাডুনৰ চাক্রাটা অঞ্চলৰ আজমল ফাৰুকীৰ পুত্র হৰিশ ফাৰুকীয়ে ভাৰতত আইছিছক নেতৃত্ব দি আহিছে৷ আনহাতে তেওঁৰ সহযোগী অনুৰাগ সিং পানীপটৰ দিৱানা অঞ্চলৰ বাসিন্দা৷ মনবীৰ সিঙৰ পুত্র অনুৰাগ সিঙে ইছলাম ধর্মলৈ ধর্মান্তৰিত হোৱাৰ লগতে বাংলাদেশৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে৷ ধৃত দুয়োজনে ভাৰতত আইছিছৰ উচ্চ অনুপ্রাণিত নেতা তথা সদস্য হিচাপে বিবেচিত হৈ আহিছে৷ সদস্যভর্তি, সন্ত্রাসবাদীৰ পুঁজি আৰু ভাৰতৰ বিভিন্ন স্থানত আইইডি বিস্ফোৰণকে ধৰি কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ ব্লুপ্রিণ্ট ৰচনা কৰি আন্তঃৰাষ্ট্রীয় সীমান্ত পাৰ হৈ দেশত প্রৱেশ কৰিছিল৷ দুয়োজনক গ্রেপ্তাৰ কৰা কার্য এছটিএফৰ অন্যতম সফল অভিযান হিচাপে বিবেচিত হৈছে৷ ইয়াৰ জৰিয়তে ভয়ংকৰ সন্ত্রাসবাদৰ পৰিকল্পনা ব্যর্থ কৰিলে এছ টি এফে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অসমত এয়াই প্রথম আইছিছৰ দৰে জেহাদী সংগঠনৰ উপস্থিতি নহয়৷ ইয়াৰ পূর্বেও আল–কায়দাৰ দৰে ইছলামিক সন্ত্রাসবাদী সংগঠনৰ উপস্থিতি অসমত ধৰা পৰিছিল৷ আল–কায়দা ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট (একিউআইএছ), জামাত–উল–মুজাহিদিন্ বাংলাদেশ (জেএমবি) আৰু আনছাৰউল্লাহ বাংলা টীম (এবিটি)ৰ দৰে সন্ত্রাসবাদী সংগঠনে ৰাজ্যত ইয়াৰ শিপা বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে৷ একাংশ মাদ্রাছাৰ জৰিয়তে বাংলাদেশৰ পৰা অহা সংগঠন দুটাৰ সদস্যই চৰ অঞ্চলসমূহত সন্ত্রাসবাদী সংগঠনসমূহৰ হৈ সদস্যভর্তি অভিযান আৰম্ভ কৰিছিল৷ বিশেষকৈ ধর্মীয় সংখ্যালঘু লোকসকলক প্রৰোচিত কৰি সংগঠন দুটাৰ শ্লিপাৰ ছেল গঠন কৰাৰো তেওঁলোকে চেষ্টা কৰিছিল৷ অৱশ্যে অসম আৰক্ষীৰ দীর্ঘদিনীয়া অনুসন্ধানৰ অন্তত এই সংগঠনসমূহৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই তেওঁলোকক উৎখাত কৰিবলৈ সক্ষম হয়৷ সেই সময়ত মৰিগাঁও, বৰপেটা, গুৱাহাটী আৰু গোৱালপাৰাতো বহুসংখ্যক একিউআইএছ আৰু এবিটিৰ সদস্যক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ সম্প্রতি এই গোচৰসমূহৰ তদন্ত ‘নিয়া’ই অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে আইছিছৰ দৰে কুখ্যাত সন্ত্রাসবাদী সংগঠনক দেশত নেতৃত্ব দিয়া হৰিশ ফাৰুকী আৰু অনুৰাগ সিঙক অসম আৰক্ষীৰ এছটিএফে ধুবুৰীত গ্রেপ্তাৰ কৰা কার্য অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷

You might also like