নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম পর্যায়ৰ লোকসভা নির্বাচনৰ অধিসূচনা জাৰি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ লোকসভা নির্বাচনৰ প্রথম পর্যায়ৰ বাবে ৰাজপত্রিত অধিসূচনা জাৰি কৰিছে নির্বাচন আয়োগে৷ ইয়াৰ লগে লগে প্রথম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া সংসদীয় সমষ্টিসমূহত মনোনয়ন-পত্র দাখিল প্রক্রিয়া আৰম্ভ হ’ল৷ মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন অহা ২৭ মার্চ ধার্য কৰা হৈছে৷ অহা ২৮ মার্চত মনোনয়ন-পত্রসমূহ পৰীক্ষা কৰা হ’ব আৰু ৩০ মার্চ হৈছে প্রার্থিত্ব প্রত্যাহাৰৰ অন্তিম দিন৷ অহা ৪ জুনত ভোটগণনা কৰা হ’ব আৰু ৬ জুনৰ ভিতৰত নির্বাচনী প্রক্রিয়া সম্পূর্ণ কৰাৰ সময়সীমা নির্বাচন আয়োগে নির্ধাৰণ কৰিছে৷ উল্লেখ্য যে প্রথম পর্যায়ত অহা ১৯ এপ্রিলত অসমৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্রুগড় আৰু যোৰহাট লোকসভা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ অসমৰ উপৰি দেশৰ আন ২০খন ৰাজ্য-কেন্দ্রীয়শাসিত অঞ্চলৰ ৯৭টা লোকসভা সমষ্টিত প্রথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত কৰাৰ সময়সূচী ইতিমধ্যে নির্বাচন আয়োগে ঘোষণা কৰিছে৷ এই ৰাজ্য-কেন্দ্রীয়শাসিত অঞ্চলকেইটা হ’ল– অৰুণাচল প্রদেশ, বিহাৰ, ছত্তিশগড়, মধ্যপ্রদেশ, মহাৰাষ্ট্র, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্রিপুৰা, উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, আন্দামান নিকোবৰ, জম্মু–কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰী৷ ইফালে প্রথম পর্যায়ৰ নির্বাচনৰ বাবে মনোনয়ন-পত্র দাখিল প্রক্রিয়া আৰম্ভ হ’লেও আজি প্রথম দিনটোত ৰাজ্যৰ ৫ লোকসভা সমষ্টিত কোনো এজন প্রার্থীয়ে মনোনয়ন-পত্র দাখিল কৰা নাই বুলি ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা সদৰী কৰিছে৷

You might also like