নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত মাইক্ৰ ফাইনেঞ্চৰ ঋণৰ চেক প্ৰদান

বিশেষ বাৰ্তা, ১৮ মে : অসম চৰকাৰৰ বিত্ত বিভাগে শুৱালকুছিৰ মাইক্ৰফাইনেঞ্চৰ লগত জড়িত মহিলা সকলক আজি চেক প্ৰদান কৰে।শুৱালকুছি প্ৰেক্ষাগৃহত শুৱালকুছি উন্নয়ন খণ্ড এলেকাৰ আঠ খন গাওঁ পঞ্চায়তৰ ৩০৯০ গৰাকী মহিলাক প্ৰেৰণা মুলক চেক প্ৰদান কৰা হয় ।এই মহিলা সকলে নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংক, বন্ধন বেংক, আৰোহণ ফাইনেঞ্চ লিমিটেড, ই এছ এ এফ(ESAF)স্মল ফাইনেঞ লিমিটেড, গ্ৰামীণ ডেভেলপমেন্ট এণ্ড ফাইনেঞ প্ৰাইভেট লিমিটেড আদি বেংকৰ লগত লেনা দেনা আছিল। বিধানসভা নিৰ্বাচনৰ সময়ত ডঃ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰফাইনেঞ্চৰ লগত জড়িত থকা মহিলাসকলৰ ঋণ মাফ কৰাৰ লগতে যি সকলে নিয়মিয়াকৈ ঋণ আদায় দি আছে তেওলোকক এক কালিন সাহাৰ্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ।প্ৰতিশ্ৰুতি মতে অসমত পুনৰ বিজেপি চৰকাৰ গঠণ কৰি ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ হোৱাত পৰ্যায় ক্ৰমে মহিলা সকলক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰে তাৰ পৰিপেক্ষিতত আজি মুখ্যমন্ত্ৰীৰ নিজা সমষ্টিৰ শুৱালকুছিৰ আঠখন পঞ্চায়তৰ নিৰ্বাচিত মহিলা সকলক চেক প্ৰদান কৰে।প্ৰতিশ্ৰুতি ৰক্ষা কৰাত মহিলা সকলে মুখ্যমন্ত্ৰীক অভিনন্দন জনায়। চেক প্ৰদান অনুস্হানত শুৱালকুছি খণ্ড উন্নয়ন বিষয়া অৰ্চনা দাসৰ লগতে শুৱালকুছি জিলা পৰিষদৰ সদস্যা নন্দিতা কলিতা, পূৱ শুৱালকুছি গাওঁ পঞ্চায়তৰ সভাপতি দিগন্ত দাস,আঞ্চলিক সদস্য পুলকেন্দ্ৰ পাটোৱাৰী, মধ্য শুৱালকুছি গাওঁ পঞ্চায়ত সভাপতি মানৱ কলিতা, পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তৰ সভাপতি কবিন দাস, শিঙিমাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী সাবিত্ৰী বৰ্মনৰ লগতে সংশ্লিষ্ট বেংকৰ বিষয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে।

প্ৰেৰক দিলীপ মেধি

You might also like