নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“অসমলৈ অহাটো সদায়েই এক বিশেষ অনুভৱ”-প্ৰধানমন্ত্ৰী মোদী

নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ অসমলৈ অহাৰ পূৰ্বে অসমীয়াতে টুইট লিখি অসমলৈ অহাৰ বাৰ্তা প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। চিলাপথাৰত অনুষ্ঠিত কাৰ্যসূচীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখে যে, “অসমলৈ অহাটো সদায়েই এক বিশেষ অনুভৱ। কাইলৈ, ২২ ফেব্ৰুৱাৰীত ধেমাজিৰ এক ৰাজহুৱা সভাত মই পুনৰ এবাৰ ইয়াৰ জনসাধাৰণৰ সৈতে মত- বিনিময় কৰাৰ সুযোগ পাম। এই অনুষ্ঠানত বিভিন্ন উন্নয়নমূলক কাৰ্যৰ শুভাৰম্ভ কৰা হ’ব।”

ইফালে, প্ৰধানমন্ত্ৰী মোডীৰ আগমণৰপূৰ্বে আজি উজনি অসমত বিশাল চাইকেল ৰেলীত অংশ লয় বিত্ত, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে ধেমাজি জিলাৰ চিলাপথাৰত উপস্থিত প্ৰধানমন্ত্ৰীৰ সভাৰ যাৱতীয় প্ৰস্তুতিৰ বুজ লোৱা দেখা গ’ল ড০ শৰ্মাক।

You might also like