নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক চম্ভালিব পৰাটো সহজ কাম নহয় : ৰিয়ান পৰাগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ ভাৰতীয় ক্রিকেটত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ‘অবাধ্য’ ক্রিকেটাৰৰ সংখ্যা৷ ঈশান কিশন আৰু শ্রেয়াছ আয়াৰৰ পাছত এইবাৰ ‘অবাধ্য’ খেলুৱৈৰ তালিকাত নাম সাঙোৰ খাই পৰিছে অসম সন্তান ৰিয়ান পৰাগৰ৷ ইতিমধ্যে কেইবাবাৰো বিতর্কৰ মাজত সোমাই পৰা ৰিয়ান পৰাগে এইবাৰ আন এক মন্তব্য কৰি পুনৰ বিতর্কত সোমাই পৰিছে৷ চলিত আইপিএলত দেওবাৰে লক্ষ্ণৌৰ বিপক্ষে খেলা মেচখনৰ পিছত অসম সন্তান ৰিয়ান পৰাগে কৈছিল যে তেওঁক চম্ভালিব পৰাটো সহজ কাম নহয়৷ কোনোবাই যিয়েই নকওক, তাক মই খাটিৰ নকৰোঁ৷ উল্লেখ্য যে দেওবাৰে লক্ষ্ণৌৰ বিৰুদ্ধে ৰাজস্থানৰ জয়ত ৰিয়ানে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ অসম সন্তানগৰাকীয়ে ২৯টা বলত ৪৩ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ বিগত সময়ত বিভিন্ন কাৰণত খেলপথাৰত বিতর্কৰ সৃষ্টি কৰা ক্রিকেটাৰগৰাকীয়ে কয় যে মই যি কাম কৰোঁ, সেয়া অতি কষ্টৰে শিকিব লাগিব৷ কোনোবাই যদি মোৰ বিষয়ে ভাল কথা কয়, মই মাত্র সেইটোৱে মনত ৰাখোঁ৷ মোৰ দৰে ক্রিকেটাৰ এজনক চম্ভালাটো সহজ নহয়৷ মোৰ চৰিত্র বেলেগ৷ মই বেলেগ ধৰণে কাম কৰোঁ৷ বিপদৰ সময়ত ৰাজস্থানে মোৰ কাষত থিয় দিয়ে৷ আশা কৰোঁ মই তেওঁলোকৰ আস্থা ঘূৰাই দিব পাৰিম৷

You might also like