নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদত ৰোহিত-হাৰ্দিক অনুৰাগীৰ মাজত মাৰপিট

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ ৰোহিত শর্মাক অধিনায়কৰ পৰা অপসাৰিত কৰাক লৈ ক্ষোভ কমা নাই মুম্বাই ইণ্ডিয়ানছৰ একাংশ অনুৰাগীৰ৷ এতিয়া দুভাগত বিভক্ত হৈছে মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগী৷ একাংশই ৰোহিত শর্মাক সমর্থন কৰাৰ বিপৰীতে আন একাংশই সমর্থন কৰিছে হার্দিক পাণ্ডিয়াক৷ সোমবাৰে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত আইপিএলৰ মেচখনত কাজিয়াত লিপ্ত হয় ৰোহিত শর্মা আৰু হার্দিক পাণ্ডিয়াৰ সমর্থকে৷ খেলখন চলি থকাৰ সময়ত একাংশই হার্দিক পাণ্ডিয়াক বু বু–বা বা কৰাৰ বিপৰীতে আন একাংশই ৰোহিত শর্মাৰ বিৰুদ্ধে কটু মন্তব্য আগবঢ়ায়৷ মেচখনত মুম্বাই ইণ্ডিয়ানছে পৰাস্ত হোৱাৰ লগে লগে উত্তেজনাই বিৰাজ কৰে গেলাৰীত আৰু ইয়াৰ পিছতে কাজিয়াত লিপ্ত হয় ৰোহিত আৰু হার্দিক পাণ্ডিয়াৰ সমর্থকসকলে৷ দুয়োপক্ষৰ মাজত হোৱা কাজিয়াৰ মুহূর্তৰ ভিডিঅ’ নেট জগতত ভাইৰেল হৈ পৰে৷ এই ঘটনাটোত ৮ৰ পৰা ১০জন লোক জড়িত থকা দেখা গৈছে৷ অৱশ্যে অনুৰাগীৰ মাজত কি কাৰণত কাজিয়াৰ সূত্রপাত ঘটিছিল সেয়া জানিব পৰা হোৱা নাই৷ নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিযন্ত্রণ কৰে৷

You might also like