নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোড সমষ্টিৰ শতাধিক গাঁও আজিও জলমগ্ন : বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পীযুষে

পবিতৰাৰ জীৱকূলক ঘাঁহ যোগান বিভিন্ন দল-সংগঠনৰ

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ জাগীৰোড সমষ্টিৰ বান পৰিস্থতি সামান্য উন্ন্ত হৈছে যদিও আজিও শতাধিক গাঁও বানৰ কৱলত আছে। বিগত এটা মাহ ধৰি পকৰীয়া মৌজাৰ অৰ্ধলক্ষাধিক লোক জলবন্দী হৈ আছে। পকৰীয়া মৌজাৰ পাভকাটি, লেহপতি, বুৰগাঁও, গাগলমাৰী, আশীগড়-গাগলমাৰী পঞ্চায়তৰ প্ৰায় দুই সহস্ৰাধিক পৰিয়ালে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগে নিৰ্মান কৰা মথাউৰিত আশ্ৰয় লৈ আছে। ইফালে মায়ং, বৰপাক আৰু বহা-বৰজাৰী পঞ্চায়ততো বহু পৰিয়ালৰ ঘৰ এতিয়াও পানীৰ তলত। স্থানীয় বিদ্যালয় গৃহ আৰু ভকতগাঁও-কমাৰপুৰ সংযোগী গড়কাপ্তানী পথত বহু পৰিয়ালে আজিও আশ্ৰয় লৈ আছে। আজি প্ৰায় এমাহ ধৰি বন্যাৰ্তই গৰু-ছাগলীৰ লগত সহৱস্থান কৰিব লগা হৈছে। ভকতগাঁও-কমাৰপুৰ সংযোগী গড়কাপ্তানী পথৰ ওপৰেদি কেইবাটাও ঠাইত পানী বাগৰাত ফলত পথছোৱা বহু ঠাইত ক্ষতিগ্ৰস্থ হৈছে। আজি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই বৰপাক আৰু পশ্চিম মায়ং গাঁও পঞ্চায়তৰ বান পৰিস্থিতিৰ বুজ লয়। ইফালে পবিতৰা অভয়াৰন্যতো ভয়াবহ পৰিস্থিতি। অভয়াৰন্যখনৰ ১৬টা বনশিবিৰ এতিয়াও বানৰ কৱলত। তাৰে চাৰিটা বনশিবিৰৰ বনকৰ্মীক ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তাৰ কৰা হৈছে। খাদ্যৰ সন্ধানত কেইবাটাও গড়ৰ লগতে এজাক বনৰীয়া ম’হ কাষৰীয়া ৰজামায়ং গাঁৱৰ বিভিন্ন স্থানত আশ্ৰয় লৈছে। আনকি বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ সম্মুখত ঘাঁহ বিচাৰি এহাল মাক-পোৱালি গঁড়ে বিচৰণ কৰা পৰিলক্ষিত হৈছে। পবিতৰাৰ জীৱকূলৰ খাদ্যসংকটৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দল-সংগঠন তথা সচেতন ব্যক্তি ওলাই আহিছে। পবিতৰা জীপ ছাফাৰী মালিক সন্থা, মায়ং আঞ্চলিক ছাত্ৰ সন্থা, জাগীৰোড মণ্ডল বিজেপি যুৱ মৰ্চা আৰু বহু সচেতন লোকে ঘাঁহ, গছৰ ডাল-পাত যোগান ধৰিছে। আজি মায়ং পঞ্চায়ত কাৰ্য্যালয়ৰ তৰফৰ পৰা নাৱেৰে গৈ হাইলেণ্ডত আশ্ৰয় লোৱা পবিতৰাৰ বন্যজীৱৰ বাবে হাইলেণ্ডত ঘাঁহ যোগান ধৰে।

You might also like