আজি তিনিচুকীয়াৰ লাইপুলিত এখন চলন্ত ৰে’লে এখন মালবাহী বাহনক মহটিয়াই নিয়া ঘটনাই তিনিচুকীয়াত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে ৷ ঘটনা অনুসৰি, নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনৰ পৰা ওলাই যোৱা এখন ৰে’লে লাইপুলিত এখন টাটা ইণ্ট্ৰা বাহনক মহটিয়াই লৈ যায় বহু দূৰলৈ। উক্ত ঘটনাত বাহনখনৰ চালকসহ হেণ্ডিমেনৰ কথমপি প্ৰাণৰক্ষা পৰে যদিও ক্ষতি হয় বাহনখনৰ। দুৰ্ঘটনাত পতিত হোৱা টাটা ইণ্ট্ৰাখনৰ নম্বৰ এ এছ-২৩ ডি চি-৩০৭৭ ।
জানিব পৰা অনুসৰি, বাহনখন ঠেলি ৰে’ল ক্ৰছিং পাৰ কৰাৰ সময়তে হঠাৎ দ্ৰুতগতিত আহে ৰে’লখন। বাহনখনৰ চালকে নিজে ৰক্ষা পৰাৰ বাবে ৰে’লখনে খুন্দা মৰাৰ পূৰ্বে বাহনখনৰ পৰা জঁপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰে ৷ দুৰ্ঘটনাটোত কোনো এজন লোক আঘাতপ্ৰাপ্ত নহৈ নিজৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় যদিও বাহনখন যথেষ্ট ক্ষতিগ্ৰস্ত হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰে’লৱে আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।
বিশেষ বাৰ্তা, তিনিচুকীয়া, ৭ মাৰ্চ :