নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনত ৩০ এপ্রিললৈ বন্ধ দর্শনার্থীৰ প্রৱেশ

সচিবালয় প্রশাসন বিভাগৰ নির্দেশনা

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ  ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণে অসমত ক্রমাৎ জটিল পৰিস্থিতি সৃষ্টি কৰিছে৷ ৰাজ্য প্রশাসনৰ নাভিকেন্দ্রস্বৰূপ জনতা ভৱনত ঘাতক ভাইৰাছৰ সম্ভাব্য সংক্রমণ প্রতিৰোধকল্পে আজি সচিবালয় প্রশাসন বিভাগে জাৰি কৰিছে কেতবোৰ গুৰুত্বপূর্ণ নির্দেশনা৷ সচিবালয় প্রশাসন বিভাগৰ আয়ুক্ত সচিব মনীষ ঠাকুৰ স্বাক্ষৰিত এছ (ই) ৩/২০২/৩৯ নম্বৰৰ এই নির্দেশনাৰ জৰিয়তে জনতা ভৱনত থকা সকলো বিভাগত বিষয়া–কর্মচাৰীৰ উপস্থিতি, দর্শনার্থীৰ প্রৱেশ আদিৰ ক্ষেত্রত আৰোপ কৰা হৈছে বাধা–নিষেধ৷ অহা ৩০ এপ্রিল পর্যন্ত বলৱৎ থাকিবলগীয়া এই নির্দেশনা অনুসৰি অবৰ সচিব আৰু তাতকৈ ঊর্ধ্বৰ পদ মর্যাদাৰ বিষয়াসকলহে কর্তব্যত এশ শতাংশ উপস্থিত থাকিব৷ অবৰ সচিবৰ তলৰ পর্যায়ৰ বিষয়া–কর্মচাৰীসক ৫০ শতাংশ কার্যালয়ত উপস্থিত থকাৰ বিপৰীতে বাকী ৫০ শতাংশই ঘৰত থাকিয়েই কর্তব্য সম্পাদন কৰিব যদিও তেওঁলোকে কোনো কাৰণতে এৰি যাব নোৱাৰিব সদৰ স্থান৷ টেলিফোন বা অন্য ইলেক্ট্রনিক ব্যৱস্থাৰে তেওঁলোকে সকলো সময়তে যোগাযোগ ৰাখিব লাগিব আৰু নির্দেশ দিলেই যিকোনো সময়তে কর্তব্যত উপস্থিত থকাৰ বাবে সাজু থাকিব লাগিব৷

বিভাগসমূহৰ জ্যেষ্ঠ সচিব বা প্রশাসনিক বিভাগৰ মুৰব্বীসকলে উপস্থিতিৰ বিষয়টো নিশ্চিত কৰাৰ লগতে ৫০ শতাংশ উপস্থিতিৰ ক্ষেত্রত ৰ’ষ্টাৰ ব্যৱস্থা কৰিব৷ অৱশ্যে অত্যাৱশ্যকীয়–জৰুৰী সেৱা নির্বাচনী সম্পর্কীয় কাম আৰু ক’ভিড–১৯ সংক্রমণ প্রতিৰোধৰ দায়িত্বত নিয়োজিতসকলৰ ক্ষেত্রত এই নির্দেশনা কার্যকৰী নহ’ব বুলি নির্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে৷ সেইদৰে গর্ভৱতী মহিলা আৰু পাঁচ বছৰ বা তাতকৈ কম বয়সৰ সন্তান থকা মহিলা কর্মচাৰীসকলক ঘৰত থাকিয়েই কর্তব্য সম্পাদনৰ অনুমতি দিয়া হৈছে যদিও তেওঁলোক সকলো সময়তে টেলিফোন বা অন্য ইলেক্ট্রনিক ব্যৱস্থাৰে যোগাযোগত থাকিব লাগিব৷ যদিহে ইচ্ছা কৰে, তেন্তে বিশেষভাৱে সক্ষমসকলক কার্যালয়ত উপস্থিত থকাৰ পৰা ৰেহাই দিয়া হৈছে৷

কর্তব্য স্থানত ফেচ মাস্ক পৰিধান, কমেও ৬ ফুট সামাজিক ব্যৱধান ৰক্ষা কৰা, পাঁচজনতকৈ অধিক লোক সমাৱেত নোহোৱা, কার্যালয় চৌহদত গুট্খা–ধঁপাত আদি সেৱন–পিক পেলোৱা নিষিদ্ধ কৰা, ৪৫ বছৰ ঊর্ধ্বৰ সকলো বিষয়া–কর্মচাৰীক জনতা ভৱনৰ মেডিকেল ইউনিটত প্রতিষেধক প্রদান, সঘনে হাত ধোৱা, জৰুৰী নহ’লে কার্যালয় কক্ষত সভা অনুষ্ঠিত নকৰা আৰু যোৱা ২০ এপ্রিলত জাৰি কৰা এছ অ’ পি মানি চলাটো নিশ্চিত কৰিবলৈ বিভাগসমূহৰ জ্যেষ্ঠ সচিব আৰু প্রশাসনিক বিভাগৰ মুৰব্বীক দায়িত্ব দিয়া হৈছে৷ সেইদৰে পর্যাপ্ত ছেনিটাইজাৰ, হাত ধোৱাৰ ব্যৱস্থা আৰু টেম্পাৰেচাৰ স্ক্রীনিঙৰ উপৰি প্রতিদিনে লিফ্ট, দর্জাৰ হেণ্ডেল, কার্যালয় চৌহদ ছেনিটাইজ কৰাটো নিশ্চিত কৰিব লাগিব অসম সচিবালয়ৰ নাজিৰে৷

কেণ্টিন কর্তৃপক্ষক ৰান্ধনি ঘৰ পৰিষ্কাৰ–পৰিচ্ছন্ন ৰখা আৰু আহাৰ গ্রহণ কৰা এলেকা নিয়মিতভাৱে ছেনিটাইজেচন কৰাৰ উপৰি সামাজিক ব্যৱধান ৰক্ষা যাতে নিশ্চিত হৈ থাকে, তাৰ বাবে নির্দেশ দিয়া হৈছে৷ জনতা ভৱনত জনসমাগম নঘটিবলৈ নির্দেশনাটোৰ জৰিয়তে গ্রহণ কৰা হৈছে কেতবোৰ ব্যৱস্থা৷ সেই অনুসৰি অনুমোদনকাৰী বিষয়াই প্রৱেশৰ কাৰণক লৈ সন্তুষ্ট নহ’লে ই–পাছ, বিশেষ প্রৱেশ–পত্রসহ দর্শনার্থীৰ প্রৱেশ–পত্র ইছ্যু অহা ৩০ এপ্রিল পর্যন্ত বন্ধ থাকিব৷ অনুমোদনকাৰী বিষয়াই বৈধ কাৰণসহ অনুমোদন–পত্র সচিবালয় প্রশাসন (সংস্থাপন শাখা)ৰ উপ–সচিবলৈ প্রেৰণ কৰিব৷ দর্শনার্থীক জনতা ভৱনত প্রৱেশৰ অনুমতি কেৱল সচিবালয় প্রশাসন (সংস্থাপন শাখা)ৰ উপ–সচিবহে দিব৷ কিন্তু তাৰ পূর্বে প্রৱেশ পথত সংশ্লিষ্ট ব্যক্তিজনে ক’ভিড–১৯ নিগেটিভ প্রমাণ–পত্র দাখিল কৰিব লাগিব৷ অকর্তৃত্বশীল কোনো দর্শনার্থীয়ে যাতে প্রৱেশ কৰিব নোৱাৰে, সেইটো নিশ্চিত কৰিব জনতা ভৱনৰ দায়িত্বত থকা অতিৰিক্ত উপ–আৰক্ষী আয়ুক্ত (নিৰাপত্তা)ই৷

You might also like