নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হটস্পট পাণবজাৰ–লাখটকীয়া কুমাৰপাৰা–নুনমাটি আতংক

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ ক’ভিডৰ হটস্পটত পৰিণত হৈছে গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল৷ এই অঞ্চলসমূহৰ পৰাই নিতৌ ক’ভিডত আক্রান্ত হৈছে বহু ব্যক্তি৷ ইতিমধ্যে ক’ভিডৰ হটস্পট হিচাপে চিহ্ণিত হৈছে পাণবজাৰ, লাখটকীয়া, কুমাৰপাৰা, পাচাআলি, আঠগাঁও, নুনমাটিকে ধৰি কেইবাটাও স্থান৷ জনসমাগমপূর্ণ এই এলেকাসমূহৰ পৰা ক’ভিড অধিক ৰূপত সংক্রমিত হোৱা বুলি এম এম চি এইচৰ অধীক্ষক ডাঃ অনুপল শর্মাই সদৰী কৰিছে৷ এই অঞ্চলকেইটাই এতিয়া কার্যতঃ বিপদ মাতিছে গুৱাহাটীবাসীলৈ৷ একাংশ লোকৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ক’ভিডে ক্রমাৎ জটিল ৰূপ লৈছে সমগ্র মহানগৰীত৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰাৰ ফলতে ক’ভিডৰ দ্রুত সংক্রমণ হোৱা বুলি সদৰী কৰিছে এম এম চি এইচৰ অধীক্ষক ডাঃ অনুপল শর্মাই৷ এইক্ষেত্রত গুৱাহাটীৰ ৰাইজ অধিক সজাগ আৰু সচেতন নহ’লে গুৱাহাটীৰ পৰিস্থিতি অধিক জটিল হ’ব বুলি তেওঁ উল্লেখ কৰিছে৷

কাৰণ এই এলেকাসমূহৰ পৰা ক’ভিডত আক্রান্ত হোৱা অধিকাংশ লোকে মহানগৰীৰ বিভিন্ন স্থানত অনাই–বনাই ঘূৰি ফুৰা বুলি তেওঁ মন্তব্য কৰে৷ তেনেস্থলত এইসকল লোকৰ দেহৰ পৰা অধিক ব্যক্তিৰ দেহলৈ ক’ভিড সংক্রমণ হোৱাৰ সম্ভাৱনা অধিক৷ উল্লেখ্য যে বিগত ২৪ ঘণ্টাত মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ত সম্পন্ন হৈছে ৫৩৮গৰাকী লোকৰ ক’ভিড টেষ্ট৷ ইয়াৰে ৭৮গৰাকী লোক ক’ভিড পজিটিভ হোৱাৰ বিপৰীতে এম এম চি এইচত ভর্তি হৈছে ৫২জনকৈ ৰোগী৷ এম এম চি এইচত থকা ২৪খনকৈ আই চি ইউ বিছনা এখনো খালী নাই যদিও আজি দুই–তিনিখন বিছনা খালী হোৱাৰ সম্ভাৱনা আছে৷ সমান্তৰালভাৱে এম এম চি এইচৰ ২২০খন বিছনাত চলিছে ক’ভিড আক্রান্তৰ চিকিৎসা৷ কাৰণ কোনো জটিল ৰোগী আহিলে তেওঁলোকক স্থানান্তৰিত কৰিবলৈ সম্পূর্ণৰূপে সাজু এম এম চি এইচ কর্তৃপক্ষ৷ তদুপৰি ৰোগীৰ বাবে প্রয়োজনীয় ঔষধ, অক্সিজেন, ৰেমডেছিভিৰ পর্যাপ্ত পৰিমাণে মজুত আছে এম এম চি এইচত৷

You might also like