নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাঘৱ: দাক্ষিণাত্যৰ একশ্বন শৈলীৰে নতুন ৰূপত যতীন বৰা

  • 🔶আহি আছে নতুন অসমীয়া কথা ছবি ৰাঘৱ
  • 🔷দাক্ষিণাত্যৰ একশ্বন শৈলীৰে নতুন ৰূপত যতীন বৰা
  • 🔶পূৰ্ণ গতিত চলিছে একশ্বন দৃশ্যৰ চিত্ৰ গ্ৰহণ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ: অসমীয়া ছবিজগতক বাণিজ্যিকভাৱে সফল কৰি তোলা ছুপাৰহিট অসমীয়া ছবি “ৰত্নাকৰ”ৰ পিছত এইবাৰ জে বি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত দ্বিতীয়খন ছবি হৈছে  “ৰাঘৱ”। যতীন বৰা আৰু নৱনীতা শৰ্মাই প্ৰযোজনা কৰা ছবিখন পৰিচালনা কৰিছে যতীন বৰাই।

🔶পূৰ্ণ গতিত চলিছে একশ্বন দৃশ্যৰ চিত্ৰ গ্ৰহণ

গুৱাহাটী, যোৰহাট, মেঘালয়, হায়দৰাবাদৰ ৰামুজী ফিল্ম চিটী আৰু কাশ্মীৰৰ মনোমোহা লোকেচনত দৃশ্যগ্ৰহণ ইতিমধ্যে চলি আছে ছবিখনৰ।

🔷দাক্ষিণাত্যৰ একশ্বন শৈলীৰে নতুন ৰূপত যতীন বৰা

আনহাতে দাক্ষিণাত্যৰ একশ্বন শৈলীৰে নতুন ৰূপত আহি আছে যতীন বৰা। বিশেষকৈ দক্ষিণৰ একশ্বন শিল্পীৰ নিৰ্দেশনাত গোটেই ছবিখন দক্ষিণৰ ছবিৰ দৰেই একশ্বন, ৰোমাঞ্চেৰে ভৰি পৰিব বুলি আশা প্ৰকাশ কৰিছে অভিনেতা যতীন বৰা।

উল্লেখ্য যে “ৰাঘৱ”ৰ নাম ভূমিকাত অভিনয় কৰিব যতীন বৰাই। তদুপৰি ছবিখনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিব ক্ৰমে- হিৰণ্য ডেকা, নিশিতা গোস্বামী, সিদ্ধার্থ নিপন গোস্বামী, নৱাগতা চুমি বৰাকে ধৰি বহু কেইগৰাকী ন–পুৰণি শিল্পীয়ে।

You might also like