নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ মেধিকুছি, নয়াপাৰাৰ মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ‘স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত আটাইতকৈ যদি বেছি দুৰ্নীতিৰ অভিযোগ আছে সেয়া কংগ্ৰেছ দলৰ ওপৰত আছে৷ এআইউডিএফ আৰু কংগ্ৰেছ দলৰ কোন ক’ত আছে সেইটো হিচাপ কৰি লাভ নাই৷ কাৰণ নাম যদিও দুটা প্ৰকৃতাৰ্থত এটাই দল৷ গতিকেলএ টিমেই খেলক বা বি টিমেই খেলক তাত কি কথা৷’ যোৱা বৰ্ষত বানে তচনচ কৰা বজালীৰ মেধিকুছি আৰু নয়াপাৰাৰ নিৰ্মীয়মান মথাউৰিৰ কাম পৰিদৰ্শন কৰি এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷

মথাউৰি পৰিদৰ্শন কৰি সাংবাদিকৰে হোৱা এক সাক্ষাতত মন্ত্ৰী বৰুৱাই আৰু কয় যে যি কংগ্ৰেছ দলৰ সভাপতিয়ে অনুপ্ৰৱেশকাৰী বাংলাদেশীৰ হৈ চোলা ফালি দিয়ে তেনে দলক কোনে ভোট দিব। আনগাতে টকাৰে বিজেপি দলে নাগালেণ্ড আৰু ত্ৰিপুৰাত জয়ী হল নেকি বুলি উঠা অভিযোগ সন্দৰ্ভত শোধা প্ৰশ্ন উত্তৰত বৰুৱাই কয় যে যদি বিজেপিয়ে টকাৰে জিকিলে তেন্তে কংগ্ৰেছৰ হাততটো অজস্ৰ টকা আছে। যদি টকাৰে ৰাজ্য দখল কৰিব পাৰি তেওঁলোকে জিকিব লাগিছিল বুলিও কংগ্ৰেছ দলক কটাক্ষ কৰে৷

উল্লেখ্য যে বানে বিধ্বস্ত কৰি বজালীৰ মেধিকুছি গাঁওক ধ্বংসস্তুপত পৰিণত কৰা পৰিয়ালক চৰকাৰে প্ৰদান কৰা চেকৰ ধন শীঘ্ৰে লাভ কৰিব বুলি মন্তব্য কৰে বৰুৱাই৷ আনহাতে বানাক্ৰান্তই ধন লাভ নকৰাৰ বাবে গুৱাহাটীত প্ৰেছ মিট দিয়াক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ষোভেৰে কয় যে টকা দিব চৰকাৰে, প্ৰশাসনে৷ বানাক্ৰান্তই প্ৰচাৰৰ বাবেহে প্ৰেছমিট দিছে। সংবাদ মাধ্যমে টকা দিব নেকি বুলি ব্যক্ত কৰি তেওঁ কয় যে সাধাৰণ কিবা কথাৰ বাবে ৰাইজে টকা পোৱা নাই যদিও শীঘ্ৰেই সকলো পাব৷ উল্লেখ্য যে বিগত বৰ্ষৰ ১৬ জুনৰ আবেলি ৩ বাজি ৪০ মিনিটত অকস্মাতে পহুমৰা নৈৰ মথাউৰি ভাঙি বজালীৰ মেধিকুছি অঞ্চল নিমিষতে ধংসস্তুপত পৰিণত কৰিছিল। ইয়াৰ পিছতে গাওঁবাসীয়ে নিজৰ সপোনৰ ঘৰখন এৰি কেবাদিন ধৰি লঘোনে ভোকে আশ্ৰয় লবলগীয়া হৈছিল অস্থায়ী শিবিৰত৷ পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ লোৱাৰ লগতে সহায়ৰ আস্বাস দিছিল৷

সেই অনুসৰি আগষ্ট মাহত চৰকাৰৰ তৰফৰ পৰা দুৰ্ভগীয়া পৰিয়ালসকলক এক লাখ আৰু নব্বৈ হাজাৰ টকাকৈ চেক প্ৰদান কৰিছিল যদিও দুৰ্ভাগ্যজনকভাৱে চেকৰ পৰা দুৰ্গত পৰিয়ালসকলে মাত্ৰ এটকাকৈহে লাভ কৰিছিল৷ আৰু তাৰ পপিপ্ৰেক্ষিততে বানাক্ৰান্ত ৰাইজে সংবাদ মাধ্যমৰ ওচৰ চাপিছিল৷ ইপিনে বৰুৱাৰ সৈতে উপস্থিত থকা ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে নাগালেণ্ড ত্ৰিপুৰাৰ নিৰ্বাচনী ফলাফলৰ পিছত ভূপেন বৰাৰ কবিতা শুনিবলৈ নাপাই দুঃখিত হৈ পৰা বুলি মন্তব্য কৰি বিজেপিৰ ফলাফল দেখি ভাষা আৰু কণ্ঠ ৰোধ হোৱাৰ বাবে ভূপেন বৰাৰ কবিতা নোহোৱা হ’ল বুলি দলটোক কটাক্ষ কৰে৷ কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ আশ্ৰয়স্থল বিজেপিৰ বাহিৰে কোনো নাই বাবে পৰ্যায়ক্ৰমে সকলো বিজেপিলৈ আহিব আৰু বিজেপিৰ ধাৰাক কোনেও প্ৰতিহত কৰিব নোৱাৰে বুলি মন্তব্য কৰে বিধায়ক ফণীধৰ তালুকদাৰে৷ উল্লেখযোগ্যযে বিধায়ক ফণীধৰ তালুকদাৰৰ উপস্থিতিত বজালীৰ পহুমাৰা নৈৰ ভগ্ন মথাউৰিৰ নিৰ্মাণৰ কামৰ বুজ লৈ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই বিভাগক বাৰিষাৰ পূৰ্বে সকলো কাম সম্পূর্ণ কৰাৰ নিৰ্দেশ দিয়া বুলি মন্তব্য কৰে৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like