নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেইই কেলেংকাৰিঃ জ্যোতির্ময় প্রদীপ কুমাৰসহ ৮জনৰ বিৰুদ্ধে চার্জশ্বীট

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ  ৰাজ্য জোকাৰি যোৱা যুটীয়া প্রৱেশ পৰীক্ষা (জে ই ই) কেলেংকাৰিৰ তদন্ত প্রক্রিয়া প্রায় সমাপ্ত কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ এই গোচৰটোত আজি চার্জশ্বীট দাখিল কৰে মহানগৰ আৰক্ষীয়ে৷ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই চার্জশ্বীট দাখিল কৰা হয়৷ গোচৰটোৰ অন্যতম অভিযুক্ত ডাঃ জ্যোতির্ময় দাস, ভুৱা পৰীক্ষার্থী প্রদীপ কুমাৰসহ আঠজনৰ বিৰুদ্ধে চার্জশ্বীটখন দাখিল কৰা হৈছে৷ উল্লেখ্য যে নীল নক্ষত্র দাস নামৰ জে ই ইৰ এজন পৰীক্ষার্থীয়ে অসমৰ ভিতৰতে সর্বোচ্চ নম্বৰ লাভ কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ জালিয়াতিৰে এই পৰীক্ষাত সর্বোচ্চ স্থান লাভ কৰা বুলি বন্ধুৰ আগত সদৰী কৰে৷ ইয়াৰ ভিত্তিতে আজাৰা আৰক্ষী থানাত ৰুজু হয় ৬২৪/২০২০ নম্বৰৰ এটা গোচৰ৷ ভাৰতীয় দণ্ডবিধি আৰু তথ্য–প্রযুক্তি আইনৰ বিভিন্ন ধাৰাৰ অধীনত ৰুজু হোৱা এই গোচৰটোৰ তদন্তত পোহৰলৈ আহে যে নীল নক্ষত্র দাসৰ পিতৃ জ্যোতির্ময় দাসে এই সমগ্র জালিয়াতিৰ ষড়যন্ত্র ৰচনা কৰিছিল৷ বিশেষকৈ পুত্রক জে ই ইৰ পৰীক্ষাত উত্তীর্ণ কৰাৰ বাবে টি চি এছৰ কর্মচাৰীক মেনেজ কৰি ভুৱা পৰীক্ষার্থীৰ ব্যৱস্থা কৰিছিল৷ দিল্লীৰ প্রদীপ কুমাৰ নামৰ এজন প্রার্থীয়ে নীল নক্ষত্র দাসৰ হৈ জে ই ইত অৱতীর্ণ হোৱা বুলি পোহৰলৈ আহে৷ ইতিমধ্যে প্রদীপ কুমাৰক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ এই গোচৰটোত আজাৰা আৰক্ষীয়ে প্রার্থী নীল নক্ষত্র দাস আৰু তেওঁৰ পিতৃ জ্যোতির্ময় দাসৰ লগতে টি চি এছৰ কর্মচাৰী প্রাঞ্জল শর্মাক গ্রেপ্তাৰ কৰিছে৷ তদুপৰি সমগ্র কেলেংকাৰিত জড়িত হৈ থকা গ্ল’বেল এডুলাইট নামৰ এটা কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী কাকলি বেজবৰুৱাকো গ্রেপ্তাৰ কৰা হৈছিল৷ একেটা কোচিং চেণ্টাৰৰ ভার্গৱ ডেকা নামৰ আন এজন ব্যক্তি এই গোচৰত গ্রেপ্তাৰ কৰা হৈছিল৷ তদন্তকালত সংগ্রহ কৰা বিভিন্ন তথ্য–সাক্ষ্যৰ ভিত্তিত এই চার্জশ্বীট আজাৰা আৰক্ষীয়ে আদালতত দাখিল কৰিছে৷

You might also like