নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বদেশলৈ উভতি পিতৃ হ’ল উমেশ যাদৱ

নিয়মীয়া বাৰ্তা,  ২ জানুৱাৰীঃ নৱবর্ষৰ প্রথম দিনাই পিতৃত্বৰ গৌৰৱ অর্জন কৰিলে উমেশ যাদৱে৷ আঘাতৰ বাবে টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈ দুদিন পূর্বে দেশলৈ উভতি অহা টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰগৰাকীয়ে  ছ’চিয়েল মিডিয়াত এই কথা ঘোষণা কৰে৷ ‘মই আৰু মোৰ পৰিয়ালে এটা কন্যা সন্তানক এই পৃথিৱীলৈ আদৰণি জনাইছো৷ সন্তানৰ আগমনে মোক অভিভূত কৰি তুলিছে৷’ ৩৩ বছৰীয়া যাদৱে টুইটাৰত এইদৰে কয়৷

উল্লেখ্য যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত বলিং কৰি থকাৰ সময়ত ভৰিৰ মাংসপেশীত আঘাতৰ সন্মুখীন হৈ বেগী বলাৰগৰাকীয়ে খেলপথাৰ ত্যাগ কৰিবলগীয়া হৈছিল৷ ইতিমধ্যে তেওঁ টেষ্ট শৃংখলাৰ পৰৱর্তী দুখন মেচৰ পৰা বাহিৰ হৈছে৷ বি চি চি আয়ে পিতৃত্বৰ গৌৰৱ অর্জন কৰা উমেশ যাদৱক টুইটাৰৰ মাধ্যমেৰে অভিনন্দন জনাইছে৷

You might also like