নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ: হ্রাস পোৱা নাই সতর্কতাৰ গুৰুত্ব

চৰিত্র সলনি কৰি অধিক সংক্রামক হৈছে ক’ৰোনা ভাইৰাছ৷ বিজ্ঞানীসকলৰ মতে, ক’ৰোনা ভাইৰাছৰ এই নতুন মিউটেণ্টে তুলনামূলকভাৱে অধিক অসুস্থ কৰি তুলিব পাৰে আক্রান্ত ব্যক্তিক৷ এই উদ্বেগজনক খবৰৰ সমান্তৰালভাৱে চিন্তাজনক কথাটো হ’ল– ব্রিটেইনত ধৰা পৰা ক’ভিড–১৯ৰ এই নতুন অতি সংক্রামক ভাইৰাছ ইতিমধ্যে সংক্রমিত হৈছে ভাৰতলৈ৷ ব্রিটেইনৰ পৰা অহা কমেও ৮জন লোকৰ শৰীৰত ক’ভিড–১৯ৰ নতুন সংস্কৰণN501Y ধৰা পৰিছে৷ ইয়াৰ অর্থ হ’ল, সংক্রমণ আৰু মৃত্যুৰ হাৰ ব্যাপকভাৱে হ্রাস পাইছে যদিও ক’ৰোনা ভাইৰাছৰ পৰা এতিয়াও ভাৰত সম্পূর্ণৰূপে বিপদমুক্ত হোৱা নাই৷ ছেপ্ঢেম্বৰৰ মাজভাগৰ তুলনাত সম্প্রতি ভাৰতত ক’ৰোনাৰ সংক্রমণৰ হাৰ প্রায় ৮০ শতাংশ হ্রাস পাইছে৷ দৈনিক ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া ৩০০ৰো কম৷ সেইদৰে সংক্রমিত লোকৰ সংখ্যা ২০ হাজাৰৰ সামান্য ওপৰত আছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, দুসপ্তাহ পূর্বেই ভাৰতত ক’ভিড–১৯ নিয়ন্ত্রণলৈ আহিছে৷ কিন্তু এই যোগাত্মক দিশসমূহক লৈ আত্মসন্তুষ্টিত ভুগিলে বিপদত পৰাৰ আশংকা নুই কৰিব নোৱাৰি৷ সকলোRNA ভাইৰাছেই মিউটেছনৰ ফলত চৰিত্র সলনি কৰি অধিক শক্তিশালী হয়৷ ক’ভিড–১৯ৰ ক্ষেত্রতো এই কথা প্রযোজ্য৷ এনে পৰিস্থিতিত সামাজিক সু–স্বাস্থ্যৰ বাবে সাৱধানতা আৰু প্রস্তুতিৰ বাদে আন কোনো বিকল্প পথ নাই৷ ক’ৰোনাৰ নতুন মিউটেণ্টৰ সংক্রমণ ঘটিলে কম সময়ৰ ভিতৰতে বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ ভাৰতৰ দৰে বিশাল জনসংখ্যাৰ দেশত সদায়েই এই আশংকা থাকে৷ সেয়ে ভেকচিনৰ সুখবৰ আহিলেও আৰু কেইটামান মাহ ভাৰতীয়সকলে সতর্কতা অৱলম্বন কৰিবই লাগিব৷ স্বাভাৱিক জীৱনযাত্রা অব্যাহত ৰখাৰ মাজতে ব্যক্তিগত সুৰক্ষাৰ দিশটোক লৈ প্রতিজন ব্যক্তি সচেতন হোৱাটো অত্যন্ত প্রয়োজনীয় হ’ব৷ ইতিমধ্যে ক’ৰোনা প্রট’কল মানি দেশৰ বিভিন্ন স্থানত নির্বাচন অনুষ্ঠিত হৈছে৷ অসমকে ধৰি কেইবাখনো ৰাজ্যত কেইমাহমানৰ পিছতে বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ এই সময়খিনিত প্রতিজন ব্যক্তিয়ে অন্ততঃ মাস্ক পৰিধান কৰা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো অত্যন্ত প্রয়োজনীয় হ’ব৷
ব্যক্তিগত সতর্কতা এইবাবেই অত্যন্ত প্রয়োজনীয় হৈ পৰিছে যে ভেকচিন উদ্ভাৱন হ’লেও সকলো ব্যক্তিকে একেলগে ভেকচিন প্রদান কৰাটো অসম্ভৱ৷ চৰকাৰে যথাসম্ভৱ শীঘ্রে ভেকচিন প্রদান কৰিবলৈ তৎপৰতা অব্যাহত ৰাখিছে৷ চাৰিখন ৰাজ্যত ইতিমধ্যে ভেকচিন প্রদান প্রক্রিয়াৰ আখৰা অর্থাৎ ড্রাই ৰান সম্পন্ন কৰিছে৷ শীঘ্রেই দেশত গণ টিকাকৰণ আৰম্ভ কৰাৰ আশাও সজীৱ হৈ পৰিছে৷ অৱশ্যে চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰিছে যে প্রথম পর্যায়ত ক’ৰোনা যুদ্ধত সন্মুখত থকাসকলকহে ভেকচিন প্রদান কৰা হ’ব৷ আশা কৰা হৈছে যে এই বছৰৰ গ্রীষ্মত ৩০০ নিযুত ভেকচিন প্রদান কৰাটো সম্ভৱ হ’ব৷ অর্থাৎ দেশৰ প্রায় ৭৫ শতাংশ মানুহে গ্রীষ্মৰ পিছলৈ ক’ৰোনাৰ টিকাকৰণৰ বাবে অপেক্ষা কৰিব লাগিব৷ তদুপৰি গ্রীষ্মৰ বতৰতে এই ৩০০ নিযুত মানুহক ভেকচিন প্রদান কৰাটো তেতিয়াহে সম্ভৱ হ’ব, যদিহে যোগান–শীতলীকৰণ প্রক্রিয়া–সৰবৰাহ– পৰিকল্পনা কৰা মতে সম্পন্ন হয়৷ এনে এক পৰিস্থিতিত ব্যক্তিগত সতর্কতাৰ গুৰুত্ব সামান্যতমো কম হোৱা নাই৷ প্রতিজন ভাৰতীয়ই এই কথা উপলব্ধি কৰাটো অত্যন্ত প্রয়োজনীয়৷ অৱশ্যে, ক’ভিড–১৯ৰ বিৰুদ্ধে বছৰজোৰা যুদ্ধৰ পিছত এই মহামাৰীক জয় কৰিব পৰাকৈ বিজ্ঞানী আৰু চিকিৎসকসকলে অগ্রগতি লাভ কৰিছে৷ অধিকাংশ দেশতে ক’ভিড–১৯ এতিয়া নিয়ন্ত্রণলৈ আহিছে৷ ক’ভিড–১৯ৰ বিৰুদ্ধে বিজয় সুনিশ্চিত কৰিবলৈ হ’লে আৰু কেইটামান মাহ সতর্কতা–সাৱধানতা জৰিয়তে মানুহে সহযোগ কৰিবই লাগিব৷

You might also like