নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত জোনাকী মেলঃ মৰণোত্তৰভাৱে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মালৈ “সত্ৰীয়া সূৰ্য বঁটা”

🔷 ভাৰত ভূষণ দেৱচৌধুৰীলৈ “বজালী গৌৰৱ বঁটা”
নিয়মীয়া বাৰ্তা, ২৭ মেঃ বৃহত্তৰ বজালীৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্য চৰ্চাৰ অন্যতম অনুষ্ঠান জোনাকী মেলৰ অহা ৫ জুনত অনুষ্ঠিতব্য এই মাহৰ মেলৰ সতে সংগতি ৰাখি অনুষ্ঠিতব্য সভাত বৰপেটা সত্ৰৰ প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাক জোনাকী মেল পৰিয়ালে মৰণোত্তৰভাৱে প্ৰদান কৰিব “সত্ৰীয়া সূৰ্য” বঁটা ৷ জোনাকী মেলৰ বৰমেলুৱৈ মৃণাল চন্দ্ৰ কলিতা আৰু সম্পাদক কামিনী মোহন শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰি কয় যে বুঢ়া সত্ৰীয়াগৰাকীৰ মহাপ্ৰয়াণৰ দিনাই জোনাকী মেলে ঘোষণা কৰি থোৱা অনুসৰি এইবেলি বিশ্ব পৰিৱেশৰ দিনাখন অনুষ্ঠিত হ’বলগীয়া “জোনাকী মেল”ত প্ৰয়াত সত্ৰীয়াগৰাকীৰ পৰিয়ালক এই বঁটা অৰ্পণ কৰা হব ৷ আনহাতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বজালী জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা বিশিষ্ট সাহিত্যিক, অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ আসন অলংকৃত কৰা বজালীৰ দ্বিতীয়গৰাকী ব্যক্তি ভাৰত ভূষণ দেৱচৌধুৰীলৈ “বজালী গৌৰৱ বঁটা”, আৱাহন থিয়েটাৰৰ জন্মদাতা তথা অসম চৰকাৰৰ অসম সৌৰভ বঁটা লাভ কৰা কৃষ্ণ ৰয়লৈ “বজালী বৈভৱ বঁটা” প্ৰদানৰ লগতে ২০২১-২২ বৰ্ষৰ বাবে সাহিত্যিক পেঞ্চন লাভ কৰা বজালীৰ দুই কীৰ্তিমান সাহিত্যিক ক্ৰমে ধীৰেন্দ্ৰ তালুকদাৰ আৰু ড° বসন্ত শৰ্মাক সম্বৰ্ধনা জনোৱা হব৷ পাঠশালাৰ পাঠলাস্থিত ১ নং শিৱ মন্দিৰ প্ৰাংগণত সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিতব্য সভাত বজালীৰ বিশিষ্ট শিল্পী, সাহিত্যিক তথা ৰাষ্টীয় কলা ৰত্ন বঁটাপ্ৰাপক লক্ষী দাসক “কলা প্ৰভাকৰ বঁটা” প্ৰদান কৰা হ’ব৷ অনুষ্ঠানৰ কাৰ্যসূচীত সাহিত্য-সংস্কৃতিপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে জোনাকী মেলৰ পৰিয়ালে৷
প্ৰেৰক  কল্যাণ কলিতা

You might also like