নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যাহ্ন ভোজনত মৃত জেঠী : পশ্চিমবংগৰ বাংকুৰাত অসুস্থ শিশু

বিশেষ বাৰ্তা, ২৭ মেঃ পশ্চিমবংগৰ বাংকুৰাত মধ্যাহ্ন ভোজন খোৱাৰ কৰাৰ পিছত ৩৫টা শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটে। খাদ্যৰ মাজত উদ্ধাৰ হৈছে এডাল মৃত জেঠী। এই মধ্যাহ্ন ভোজন বাংকুৰাৰ ইন্দপুৰ ব্লকৰ হাটগ্ৰাম ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ (আই চি ডি এছ) কেন্দ্ৰত দিয়া হয়। এটা সূত্ৰই জনোৱা মতে, শুকুৰবাৰে হাটগ্ৰাম আইচিডিএছ চেণ্টাৰত প্ৰায় ৩০ৰ পৰা ৩৫টা শিশুৱে খাদ্য খোৱাৰ পিছত বমি আৰু পেটৰ তীব্ৰ বিষ অনুভৱ কৰে। স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় শিশুকেইটিক। ইয়াৰ পিছতে চিকিৎসাৰ বাবে বাংকুৰা সন্মিলনী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়। ইফালে গাঁওবাসীয়ে আইচিডিএছ চেণ্টাৰত থকা খাদ্যৰ বাচন-বৰ্তন পৰীক্ষা কৰে। য’ত দেখা যায় যে ল’ৰা-ছোৱালীক দিয়া মচুৰ দাইল থকা পাত্ৰটোত এডাল মৰা জেঠী ওপঙি আছে। সংক্ৰমিত খাদ্য খোৱাৰ পিছত শিশুকেইটিয়ে দ্ৰুতগতিত বমি কৰিবলৈ আৰম্ভ কৰে। হাটগ্ৰামৰ এগৰাকী বাসিন্দাই কয়, “মোৰ ভাইটিৰ ল’ৰাটোৱে হাটগ্ৰাম আইচিডিএছৰ পৰা দুপৰীয়াৰ আহাৰ খাইছিল যদিও কিছু সময়ৰ পিছতে অসুস্থ হৈ পৰে। তাই যেতিয়া বমি কৰিবলৈ ধৰিলে, আমি ভয় খালোঁ। ইয়াৰ পিছত আমি গৈ ল’ৰা-ছোৱালীক দিয়া খাদ্য দেখিলোঁ, তাত এডাল মৰা জেঠী আছিল। ইয়াৰ পিছত গাঁৱৰ ৰাইজে আইচিডিএছ কেন্দ্ৰত ঘেৰাও কৰে। যাৰ ওপৰত কেন্দ্ৰটোৰ আইচিডিএছ কৰ্মীসকলে পৰিবেশন কৰা খাদ্যৰ অৱস্থাৰ বিষয়ে অজ্ঞাত বুলি কৈ দায়িত্ব অস্বীকাৰ কৰে। একে সময়তে গাঁওখনৰ এজন স্থানীয় লোকে জনোৱা মতে, কিছু সময়ৰ পিছতে মধ্যাহ্ন ভোজন বিতৰণ বন্ধ কৰা হয়। এই ঘটনা সন্দৰ্ভত অতিৰিক্ত জিলা দণ্ডাধীশে কয় যে ‘৩০টি শিশুক খাদ্য গ্ৰহণ কৰীৰ ফলত অসুস্থ হোৱাত জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইফালে বাংকুৰা সন্মিলনী চিকিৎসালয়ৰ চিকিতসকে কয় যে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত আমি সেই শিশুসকলক ঘণ্টাৰ পিছত ঘণ্টা পৰ্যবেক্ষণত ৰাখিছিলো। সেই শিশুসকলৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কোনো লক্ষণ দেখা পোৱা নাছিল। বৰ্তমান শিশুকেইটিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। স্থানীয় ৰাইজৰ মতে গ্ৰীষ্মকালীন ছুটীৰ বাবে চৰকাৰী বিদ্যালয় বন্ধ হৈ আছে।

You might also like