নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ঐতিহ্যময় জোনবিল মেলা, মানি চলা হ’ব ক’ভিড প্ৰট’কল

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ঐতিহ্যময় জোনবিল মেলা। পূৰ্বাপৰ পৰা চলি অহা এই মেলালৈ আগমন ঘটিব পাহাৰ-ভৈয়ামৰ ক্ৰেতা-বিক্ৰেতাৰ লগতে দূৰ-দূৰণিৰ পৰা অহা ৰাইজৰ লগতে পৰ্যটকৰ।

গোভা দেওৰজাৰ ৪০০ বছৰীয়া পৰম্পৰা অনুযায়ী বিনিময় প্ৰথাৰে সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰা এই মেলা সম্প্ৰতি পাহাৰ-ভৈয়ামৰ মিলনভূমিত পৰিণত হৈছে। জাগীৰোডৰ সমীপৰ জোনবিলত অনুষ্ঠিতব্য মেলাৰ প্ৰস্তুতি প্ৰায় শেষ কৰিছে মেলা উদযাপন সমিতিয়ে। পাহাৰৰ পৰা নামি অহা মামা-মামীৰ উপস্থিতিৰ পিছতে তৃতীয় দিনা অনুষ্ঠিত হ’ব বিনিময় প্ৰথাৰ মেলা।

এইবাৰ ক’ৰোনাৰ বাবে পৰিচালনা সমিতিয়ে মেলাখনৰ পৰিসৰ বঢ়াই দি সুকীয়াকৈ ঠাই উলিয়াই লৈছে, যাতে বহু মানুহৰ সমাগম একে ঠাইতে নহয়। আনহাতে সকলো ৰাইজকে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনাইছে। ইতিমধ্যে পৰিচালনা সমিতিৰ সদস্য, স্বেচ্ছাসেৱকসকলৰ ক’ভিড পৰীক্ষা কৰা হৈছে।

উল্লেখ্য শেষৰ দিনাৰ কাৰ্যসূচীত কুকুৰা যুঁজৰ লগতে জোনবিলত সমূহীয়া মাছ ধৰা হ’ব আৰু উক্ত দিনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১৮ গৰাকীকৈ ৰজাক ৰাজভাট্টা ১ লাখ টকাকৈ প্ৰদান কৰিব।

You might also like