নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসকৰ ৰূপত বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ বোকাজানৰ বিধায়ক নোমল মমিন বিধায়ক হোৱাৰ পূৰ্বে পৰিচয় আছিল এজন সূচিকিৎসক হিচাবে,তেওঁৰ পৰিচয় আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ এজন প্রিয় শিক্ষক হিচাবে। কিন্তু এইজন সফল চিকিৎসক তথা শিক্ষক মমিনে (2016)২০১৬ চনত ৰাজনীতিৰ পথাৰত ভৰি দিয়ে আৰু বিজেপি দলৰ প্ৰাৰ্থীত্ব লাভ কৰি ১৭নং বোকাজান বিধান সভা সমষ্টিৰ পৰা জয়ী হৈ তেতিয়াৰ পৰা বিধায়ক হিচাবে নিজৰ দায়িত্ব পালন কৰি আহিছে। ইতিমধ্যে সমষ্টিটোত বহু উন্নয়ন মূলক কাম কৰি জনপ্ৰিয়তা লাভ কৰা বিধায়ক ডাঃ নোমল মমিনে বিভিন্ন সময়ত বিধায়কৰ কৰ্তব্যৰ মাজতেই ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছে। তেওঁৰ চিকিৎসা লাভ কৰি বহুকেইজন ৰোগী সুস্থ হৈ উঠাৰ উদাহৰণ আছে।
কালি বিধায়কগৰাকীয়ে নিজৰ চৰকাৰী বাহনেৰে গুৱাহাটীৰ পৰা বোকাজান আহি থকা অৱস্থাত কাৰ্বি আংলংৰ দেনগাঁওত এক দুৰ্ঘটনা সংঘটিত হোৱা দেখি লগে লগে নিজৰ বাহন ৰখাই দুৰ্ঘটনাত পতিতসকলক ঘটনাস্থলীতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে দকমকাত থকা চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে।বিধায়ক মমিনৰ এই কাৰ্যক স্থানীয় ৰাইজৰ লগতে সমষ্টি বাসীয়েও ভূয়সী প্ৰশংসা কৰে আৰু এনেদৰেই ভৱিষ্যতেও ৰাইজক সহায় কৰি যাবলৈ আহ্বান জনায়।
You might also like