চাঞ্চল্য সৃষ্টি কৰা জুবিন গাৰ্গ হত্যা গোচৰৰ শুনানিত আজি গুৰুত্বপূৰ্ণ পৰিস্থিতি উদ্ভৱ হয়। আদালতে মন্তব্য কৰে যে বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত BNSSৰ ধাৰা ১০৭ মানি চলা হোৱা নাছিল।
আদালতে অভিযুক্ত শ্যামকানুৰ বেংক একাউণ্ট পুনৰ খুলি দিয়াৰ নিৰ্দেশ জাৰি কৰে। শুনানিৰ সময়ত ছিংগাপুৰৰ কৰ’নাৰ্ছ প্ৰতিবেদন দাখিল সন্দৰ্ভতো আলোচনা হয়।
আদালতত জনোৱা হয় যে ইতিমধ্যে ছিংগাপুৰৰ বহু গুৰুত্বপূৰ্ণ নথি আৰক্ষীয়ে সংগ্ৰহ কৰি অভিযোগনামাৰ সৈতে সংযুক্ত কৰিছে। কিন্তু আদালতে স্পষ্ট কৰি কয় যে BNSS আইনৰ অধীনত ছিংগাপুৰৰ পৰা নথি আনিবলৈ আদালতৰ নিজস্ব ক্ষমতা নাই।
এই ক্ষেত্ৰত প্ৰয়োজন হ’লে ভাৰত চৰকাৰে আনুষ্ঠানিক আবেদন কৰিব পাৰে বুলিও আদালতে উল্লেখ কৰে।
ইফালে, সিদ্ধাৰ্থৰ মহাবীৰ একুৱা সন্দৰ্ভত আগন্তুক ১৯ মাৰ্চত পৃথক শুনানি অনুষ্ঠিত হ’ব। একে দিনাই জুবিন গাৰ্গ হত্যা গোচৰৰো পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে।
ডিজিটেল ডেস্ক, ২ মাৰ্চ