নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেলেংগানা হাইক’টৰ মুখ্য ন্যায়াধীশৰ পদত উজ্জ্বল ভূঞা

গুৱাহাটী হাইক’টৰ নতুন মুখ্য ন্যায়াধীশ আৰ এম চায়া

নিয়মীয়া বাৰ্তা, ১৮ মেঃ  তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈছে অসমসন্তান ন্যায়াধীশ উজ্জ্বল ভূঞা৷ সম্প্রতি তেলেংগানা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কার্যনির্বাহ কৰি থকা ভূঞাক ছুপ্রিম ক’ৰ্ট কলেজিয়ামে মুখ্য ন্যায়াধীশ পদৰ বাবে অনুমোদন প্রদান কৰিছে৷ তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সতীশ চন্দ্র শর্মাক দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ পিছত ভূঞাৰ নিযুক্তিত অনুমোদন দিয়ে কলেজিয়ামে৷

উল্লেখ্য যে ২০১১ বর্ষৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে ভূঞাক নিযুক্তি দিয়া হৈছিল৷ পৰৱর্তী সময়ত ২০১৯ বর্ষত তেওঁ বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লয়৷ বম্বে উচ্চ ন্যায়ালয়ত দুবছৰ কার্যনির্বাহ কৰাৰ পিছত তেওঁক তেলেংগানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল৷

উল্লেখ্য যে ছুপ্রিম ক’ৰ্ট কলেজিয়ামে আজি ৰাজ্যৰ মুঠ পাঁচ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তিত অনুমোদন দিছে৷ তেলেংগানা উচ্চ ন্যায়ালয়ৰ উপৰি উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বিপিন চাংঘিৰ নিযুক্তিত অনুমোদন দিছে কলেজিয়ামে৷ সেইদৰে হিমাচল প্রদেশ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ আমজাদ এ চৈয়দক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে৷ সেইদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ আৰ এম চায়া আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এছ সিন্দেক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন প্রদান কৰা হৈছে৷

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্রহণ কৰিবলগীয়া ন্যায়াধীশ আৰ এম চায়াই সম্প্রতি গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কার্যনির্বাহ কৰি আছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়াক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্রদান কৰা হৈছে৷

You might also like