নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাত আজি ৰাজস্থান-আৰচিবিৰ হাইভ’ল্টেজ মেচ

প্রথম তিনিওখন মেচতে বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ৰিয়ান পৰাগ বাহিনীয়ে আজিৰ মেচত বিৰাট কোহলিৰ দৰে তাৰকা খেলুৱৈৰে সমৃদ্ধ আৰচিবিৰ প্রত্যাহ্বান গ্রহণ কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে

বর্ষাপাৰাত আজি আইপিএলৰ আন এক হাইভ’ল্টেজ মেচ৷ চলিত আইপিএলৰ গুৱাহাটীত অনুষ্ঠিত হোৱা তিনিখন হাইভ’ল্টেজ মেচৰ আজি তৃতীয় তথা অন্তিমখন খেলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিৰুদ্ধে মুখামুখি হ’ব৷

চমকপ্রদ প্রদর্শনেৰে জয়ৰ হেটট্রিক অর্জন কৰি ছিজনৰ প্রত্যাশিত আৰম্ভণি কৰা ৰিয়ানৰ দল আৰ আৰে আজি ডিফেণ্ডিং চেম্পিয়ন আৰচিবিৰ বিৰুদ্ধেও আত্মবিশ্বাসেৰে নামিব৷ প্রতিযোগিতাখনৰ প্রথম তিনিওখন মেচতে বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ৰিয়ান পৰাগ বাহিনীয়ে আজিৰ মেচত বিৰাট কোহলিৰ দৰে তাৰকা খেলুৱৈৰে সমৃদ্ধ আৰচিবিৰ প্রত্যাহ্বান গ্রহণ কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে৷

আজি হাইভ’ল্টেজ মেচখনৰ পূর্বে দুয়োটা দলে বর্ষাপাৰাত দীর্ঘ সময় ধৰি অনুশীলন কৰে৷ আজিৰ এই হাইভল্টেজ মেচখনক লৈ অধীৰ আগ্রহেৰে বাট চাই আছে অনুৰাগী৷ অসম সন্তান ৰিয়ান পৰাগে আজি দক্ষ ক্রীড়াশৈলীৰে আৰচিবিক পৰাজিত কৰিব পাৰিব বুলি আশাবাদী ৰাজ্যখনৰ অগণন ক্রীড়ানুৰাগী৷

অৱশ্যে মেচখনত ৰজত পাটিদাৰ নেতৃত্বাধীন আৰচিবিক পৰাস্ত কৰাটো সহজ নহ’ব ঘৰুৱা দলটোৰ বাবে৷ ৰাজস্থানে এতিয়ালৈকে ৬ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ শীর্ষস্থান অধিকাৰ কৰি থকাৰ বিপৰীতে আৰচিবিয়ে দুখন মেচ খেলি দুয়োখনতে বিজয় সাব্যস্ত কৰি চাৰি পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানটো অধিকাৰ কৰি আছে৷

উল্লেখ্য যে অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ প্রথমখন মেচত পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক সহজেই আঠ উইকেটত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ২৭ ৰানত পৰাস্ত কৰিছিল৷

খেলৰ সময়- নিশা ৭.৩০ বজা

ডিজিটেল ডেস্ক, ১০ এপ্রিল

You might also like