নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়াৰ ছেকেণ্ডাৰীত এশ শতাংশ উত্তীৰ্ণৰে উজলিল কলংপাৰ কনিষ্ঠ মহাবিদ্যালয়

নিয়মীয়া বাৰ্তা, ৯ মে’ : উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ পুৰণিগুদাম কলংপাৰ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয় খনে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ কনিষ্ঠ মহাবিদ্যালয়ৰখনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা আটাইকেইজন ছাত্ৰ ছাত্ৰীয়ে সফলতাই উত্তীৰ্ণ হোৱাত আজি কনিষ্ঠ মহাবিদ্যালয় খনত আনন্দমুখৰ পৰিবেশ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷বিশেষকৈ গ্ৰামাঞ্চলৰ আৰ্থিকভাবে পিছপৰা পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলক উপযুক্ত শৈক্ষিক পৰিৱেশ প্ৰদানৰ বাবে ২০১৯ চনত স্থাপিত পুৰণিগুদাম কলংপাৰ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয়খনে বিগত বৰ্ষৰ দৰে এইবাৰো এশ শতাংশ ছাত্ৰছাত্ৰী উত্তীৰ্ণ হোৱাত স্থানীয় সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে৷ কনিষ্ঠ মহাবিদ্যালয় খনৰ পৰা এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৩১গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৯গৰাকীয়ে বিভিন্ন শাখাত ষ্টাৰ মাৰ্ক লাভ কৰি মুঠ ১১গৰাকীয়ে প্ৰথম বিভাগত ১৯জনে দ্বিতীয় বিভাগত আৰু এজনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ কনিষ্ঠ মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই অনাত অধ্যক্ষ পবিত্ৰ বৰাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে আনন্দ প্ৰকাশ কৰিছে ৷ আনহাতে আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত গৌৰৱ কঢ়িয়াই অনা মেধাবী ছাত্ৰ ছাত্ৰী কেইজনক কনিষ্ঠ মহাবিদ্যালয় খনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ গ্ৰামাঞ্চলত স্থাপিত পুৰণিগুদাম কলংপাৰ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয়খনে অনাগত দিনত আৰু অধিক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হব বুলি স্থানীয় সচেতন মহলে মতপ্ৰকাশ কৰিছে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like