কল্পনা দত্তৰ কাব্য সংকলন মেঘে ধোৱা গান উন্মোচন
কল্পনা দত্তৰ “মেঘে ধোৱা গান” কাব্য সংকলনটি গুৱাহাটী প্ৰেছ ক্লাবত ৪ জানুৱাৰীত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয়। বিশিষ্টা লেখিকা জোৎস্নাৰাণী বেগমৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডঃ জগদীশ পাটগিৰীয়ে ‘মেঘে ধোৱা গান’ কাব্যসংকলনটি উন্মোচন কৰে আৰু তত্বগধূৰ ভাষণ প্ৰদান কৰে।
অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, লেখক কমল কলিতা, বিশিষ্টা অভিনেত্ৰী চেতনা দাসে সন্মানীয় অতিথি, অনাতাঁৰ শিল্পী চন্দ্ৰকান্ত দাস, প্ৰমোদ মেধি, মণি গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে সভাত অংশগ্ৰহণ কৰি সাৱলীল ভাষণ দাঙি ধৰে।
উদীয়মান কবি কল্পনা দত্তৰ “মেঘে ধোৱা গান” শীৰ্ষক কবিতা সংকলনটিয়ে সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব বুলিও বক্তাসকলে তাৎপৰ্যপূৰ্ণ অভিমত ব্যক্ত কৰে। চন্দ্ৰকান্ত দাসে এটি কাৰ্বি গীত পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
সভাৰ প্ৰাকমুহূৰ্তত অভিনেত্ৰী চেতনা দাসে বন্তি প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰে আৰু বক্তৃতাৰ মাজে মাজে অভিনয় কৰি শ্ৰোতাসকলক আপ্লুত কৰে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি তৰ্পণ কৰে কমল কলিতা আৰু জগদীশ পাটগিৰী আৰু সভাত উপস্থিত থকা সকলোৱে।
কল্পনা দত্তৰ ‘মেঘে ধোৱা গান’ কবিতাটো সনত আদিত্য মহন্ত আৰু মণি গোস্বামীয়ে ‘মেঘে ধোৱা গান’ কবিতা সংকলনৰ আন এটা কবিতাও আবৃত্তি কৰে লগতে কবি কল্পনা দত্তৰ পৰিচয় দাঙি ধৰে।
স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে নৱৰূপ মজুমদাৰ, হিমাংশু পাঠক, গীতাৰাণী পাঠক আৰু কবিতা দেৱীয়ে। পাঞ্চজন্য বুকছৰ হৈ ধীৰাজ ডেকাই কবিতা সংকলনটি প্ৰকাশ কৰে। কেইবাগৰাকী ব্যক্তিক সম্বৰ্দ্ধনা জনায়। দিলীপ কুমাৰ দত্ত, দীক্ষিতা দত্ত, বৰ্ণিল কাশ্যপ, ডেইজী, ৰুমী, অন্নদা আদি সভাত উপস্থিত থাকে। ব্ৰজেন ভাইমনে সভাৰ আঁত ধৰে। কল্পনা দত্তই আদৰণী ভাষণ দিয়ে। জুবিন জ্ঞান কক্ষ পুথিভঁৰাললৈ সংকলনৰ দুটা কপি প্ৰেৰণ কৰা বুলিও সভাক অৱগত কৰে।
ডিজিটেল ডেস্ক, ৬ জানুৱাৰী