নগৰবেৰাত বিজেপিৰ দেৱাল লিখন অভিযান
সমগ্ৰ ৰাজ্যৰ লগতে বকো ছয়গাঁও সমষ্টিৰ নগৰবেৰাতো আজি বিজেপিয়ে আৰম্ভ কৰিছে দেৱাল লিখন অভিযান। দেৱাল লিখনেৰে আসন্ন বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ আজি শুভাৰম্ভ কৰা হয় নগৰবেৰাত।
নগৰবেৰাত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ জিলা সম্পাদক তথা নগৰবেৰা মণ্ডল বিজেপিৰ প্ৰভাৰী মৃন্ময় কুমাৰ বড়োৱে এই দেৱাল লিখন অভিযানৰ শুভাৰম্ভ কৰে।
“অসমৰ সুৰক্ষা, বিজেপিৰ প্ৰতিজ্ঞা” শ্লোগানৰ লগতে দলটোৰ প্ৰতীক পদুম ফুল অংকন কৰি বিভিন্ন স্থানত দলীয় কাৰ্য-কৰ্তাসকলে দেৱাল লিখন অভিযান চলায়।
নগৰবেৰা মণ্ডল বিজেপিৰ সভাপতি গিৰিৰাজ তিমচিনাকে আদি কৰি বাকী সমূহ মণ্ডল কৰ্মকৰ্তা বিষয়ববীয়াসকল আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৬ জানুৱাৰী