ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত থলুৱা লোক-বাদ্য বাদন সমাৰোহ
খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বৰ্ণিল লোককৃষ্টিসমূহৰ লগতে লোক-বাদ্যসমূহ বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে ইয়াক সংৰক্ষণ কৰি ৰখাৰ প্ৰয়াসেৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত সোমবাৰে নিশা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ দুধনৈস্থিত সচিবালয় প্ৰাংগণত প্ৰথমবাৰৰ বাবে “থলুৱা লোক-বাদ্য বাদন সমাৰোহ ২০২৬ ” অনুষ্ঠিত হয় ৷
ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা, উপাধ্যক্ষ অলকা ৰাভা আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভাই বন্তি প্ৰজ্বলন আৰু মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৰঙা ফিটা কাটি এই সমাৰোহৰ শুভাৰম্ভ কৰে৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই সমাৰোহৰ শুভাৰম্ভ কৰি সমাৰোহ সম্পৰ্কত সংবাদ মাধ্যমক কয় যে খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ চহকী লোক বাদ্য সমূহ জীয়াই ৰখাৰ লগতে লোকবাদ্য শিল্পীসকলক এখন মঞ্চ দিয়া, সংৰক্ষণ কৰা আৰু জনগোষ্ঠীয় লোকবাদ্য সমূহ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে এই সমাৰোহৰ আয়োজন কৰিছে৷ পৰবৰ্তী সময়ত এই সমাৰোহক পৰিষদীয় এলেকাৰ বাহিৰলৈ লৈ যোৱা হব বুলিও তেওঁ উল্লেখ কৰে৷
সমাৰোহত ৰাভা, বড়ো, হাজং, চাহ জনগোষ্ঠী আদি জনগোষ্ঠীৰ লগতে কেবাটাও জনগোষ্ঠীৰ লোক-বাদ্যৰ বাদন পৰিবেশনে ৰাইজক আপ্লুত কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে ৰাভা জনগোষ্ঠীৰ হামজাৰ নৃত্য পৰিবেশন কৰা হয়।
অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য, দুধনৈ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক বিষয়া, বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতীয় জনগোষ্ঠীৰ জাতীয় সংগঠনৰ মুৰব্বীৰ লগতে কেইবাশ সাংস্কৃতিক প্ৰেমী উপস্থিত থাকি প্ৰথমবাৰৰ বাবে আয়োজিত লোকবাদ্য বাদন সমাৰোহ সাফল্যমণ্ডিত কৰি তোলে।
নিয়মীয়া বাৰ্তা, দুধনৈ, ৬ জানুৱাৰী