নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদীৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনাঃ দুখন বাহনৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ৪জন

নিয়মীয়া বাৰ্তা,১৯ নৱেম্বৰ : লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বালিজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি নিশা ৬.৪৫ বজাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষত চাৰিজন লোক গুৰুতৰ ভাৱে আহত হয়।

স্থানীয় প্ৰত্যক্ষদৰ্শী সকলে জানিব দিয়া মতে , লখিমপুৰ সদৰৰ পৰা গোগামুখ অভিমুখে গৈ থকা AS 22 9941 নম্বৰৰ এখন মিনি ট্ৰাকৰ সৈতে বিপৰীত দিশৰ পৰা তীব্ৰ গতিত আহি থকা AS 07 G 7246 নম্বৰৰ ৰঙা ৰঙৰ ইয়ন গাড়ীখনৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, সংঘৰ্ষত ইয়ন গাড়ীখন সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে। ফলত ইয়ন গাড়ীখনৰ চালক সহ এজন পুৰুষ আৰোহী আৰু এগৰাকী মহিলা আৰোহীৰ সৈতে তিনিজন লোক গুৰুতৰ ভাৱে আহত হয়। আহত হোৱা লোক কেইজন হৈছে ক্ৰমে ঢকুৱাখনা মহকুমা আৰক্ষী থানাৰ অন্তৰ্গত ঢকুৱাখনা কোঁৱৰ গাঁৱৰ হেমধৰ গগৈৰ পত্নী পুষ্পা গগৈ কোঁৱৰ (৩১), বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত লীলাবাৰী বিহাৰীপট্টিৰ অফজল আলিৰ পুত্ৰ ইনাজুল আলি (৩১)আৰু একে আৰক্ষী থানাৰ অন্তৰ্গত লীলাবাৰী বালিজান গাঁৱৰ ওচমাদ আলিৰ পুত্ৰ সঞ্জন আলি ৩২ বুলি জানিব পৰা গৈছে ।

আনহাতে দুৰ্ঘটনাত ট্ৰাকখনৰ চালকজনো গুৰুতৰ ভাৱে আহত হয় বুলি জানিব পৰা গৈছে। আহত চালকজন ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰামপুৰ গাঁৱৰ জন হাজঙৰ পুত্ৰ চিৰঞ্জিত হাজং বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত বগীনদী আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত আহত চাৰিওকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে লখিমপুৰ জিলা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

প্ৰেৰক: ভূবন গৌতম ।

You might also like