নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সর্বাধিক ঢেঁকীয়াপতীয়া বাঘৰ ঘনত্বত তৃতীয় স্থানত কাজিৰঙা

২০২২ বৰ্ষত সম্পন্ন হোৱা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০৪ টা বাঘ পোৱা গৈছিল। আনহাতে মূখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সমাজিক মাধ্যমযোগে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই কৃতিত্বৰ বিষয়ে সদৰি কৰে

কেৱল এশিঙীয়া গঁড় য়েই নহয়, দুষ্প্ৰাপ্য ঢেঁকীয়াপতীয়া বাঘৰ ঘনত্বৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সমগ্ৰ বিশ্বৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। ২০২৩-২৪ বৰ্ষত উন্নত প্ৰযুক্তিৰ কেমেৰাৰ জৰিয়তে চলোৱা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুঠ ১৩০০ বৰ্গ কিলোমিটাৰ এলেকাত ১৪৮ টা ঢেঁকীয়াপতীয়া বাঘ পোৱা বুলি  নিয়মীয়া বাৰ্তা ক জানিবলৈ দিয়ে কাজিৰঙাৰ সঞ্চালক ড: সোণালী ঘোষে।

পূৱ বন্যপ্ৰাণী সংমণ্ডল , নগাঁও  বন্যপ্ৰাণী সংমণ্ডল আৰু  বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল ৰ অধীনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু  ব্যাঘ্ৰ  সংৰক্ষিত বনাঞ্চলত বাঘৰ গণনা চলোৱা হৈছিল। প্ৰতি ১০০ বৰ্গ কিলোমিটাৰত ১৮ টাকৈ দুষ্প্ৰাপ্য ঢেঁকীয়াপতীয়া বাঘৰ বসতি পোৱা গৈছে বুলিও সঞ্চালক ড: সোনালী ঘোষে জানিবলৈ দিয়ে। আনহাতে নতুন নতুন স্থানত ঢেঁকয়াপতীয়া বাঘৰ উপস্থিতি  লাভ কৰাটো এক ভাল লক্ষণ বুলি কয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড:ঘোষে। উল্লেখ যোগ্য যে ইয়াৰ পূৰ্বে  ২০২২ বৰ্ষত সম্পন্ন হোৱা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০৪ টা বাঘ পোৱা গৈছিল। আনহাতে মূখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সমাজিক মাধ্যমযোগে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই কৃতিত্বৰ বিষয়ে সদৰি কৰে।

আনহাতে প্ৰধান মন্ত্ৰীয়ে  কালি “মন কী বাত” অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৪৩ বিধ ঘাঁহনী চৰাই উপস্থিতি লাভ কৰা বিষয়ে উল্লেখ কৰাটো সঞ্চালক গৰকীয়ে এইয়া অসমৰ বাবে আন এক গৌৰৱ বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

নিয়মীয়া বাৰ্তা, কাজিৰঙা, ৩০ জুলাই

You might also like