নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ মূল সিদ্ধান্তসমূহ

নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি  অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ-
➡️ অসমৰ আৰক্ষী ব্যৱস্থা শক্তিশালী কৰাৰ লগতে আৰক্ষীৰ কাম-কাজ উন্নত কৰা, আৰক্ষীৰ মোতায়েন ব্যৱস্থাটো উন্নততৰ কৰা আৰু সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে আজিৰ কেবিনেটে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া হিমাংশু শেখৰ দাস আৰু প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান পি ভি সুমন্তৰ নেতৃত্বত তিনি মাহৰ কাৰণে এক আৰক্ষী আয়োগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ দুয়োগৰাকী বিষয়াকে এই সময়ছোৱাৰ বাবে মুখ্য সচিবৰ পদমৰ্যাদা প্ৰদান কৰা হ’ব৷
➡️ অসম চৰকাৰৰ ১ লাখ নিবনুৱা নিযুক্তিৰ লক্ষ্যৰ দিশত প্ৰাথমিক পদক্ষেপ হিচাপে আজিৰ কেবিনেটে অসম আৰক্ষীত খালী হৈ থকা ১৫ হাজাৰ পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ অহা ১ ছেপ্টেম্বৰৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ’ব৷
➡️ অসমৰ আৰক্ষী ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে অসম আৰক্ষীত ৫ টা নতুন বেটেলিয়ন গঠনৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ এই বেটেলিয়নসমূহত ৬২৭০ গৰাকী যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ’ব৷
➡️ আজিৰ কেবিনেটে মুদ্ৰণ আৰু লেখন সামগ্ৰী [প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী] বিভাগক তথ্য আৰু জনসংযোগ বিভাগৰ লগত সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই বিভাগটোক এতিয়াৰে পৰা তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগ হিচাপে জনা যাব৷
➡️ আজিৰ কেবিনেটে ৰাজহুৱা প্ৰতিষ্ঠান [পাব্লিক এণ্টাৰপ্ৰাইজ] বিভাগক উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগত সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
➡️ আজিৰ কেবিনেটে পাৰপত্ৰ [পাছপ’ৰ্ট] বিভাগক গৃহ বিভাগৰ লগত সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
➡️  আজিৰ কেবিনেটে ক্ৰীড়া পেঞ্চনৰ ধনৰাশিৰ পৰিমাণ বৰ্তমানৰ ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
➡️  কমনৱেলথ গেমছ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকপ্ৰাপ্তসকলক এতিয়াৰে পৰা  অতিৰিক্তভাৱে ক্ৰীড়া পেঞ্চন প্ৰদানৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷
➡️ আজিৰ কেবিনেটে অলিম্পিক, কমনৱেলথ আৰু এছিয়ান গেমছত পদকপ্ৰাপ্তসকলক প্ৰথম শ্ৰেণীৰ বিষয়াৰ  চাকৰি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেইদৰে স্বীকৃতিপ্ৰাপ্ত বিশ্ব চেম্পিয়নশ্বিপত পদক অৰ্জন কৰাসকলক দ্বিতীয় শ্ৰেণীৰ বিষয়াৰ চাকৰি আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক অৰ্জন কৰা খেলুৱৈসকলক  তৃতীয় শ্ৰেণীৰ চাকৰি প্ৰদানৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে৷
➡️  ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰা স্বায়ত্তশাসিত পৰিষদসমূহৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী সদস্যসকলে এতিয়াৰে পৰা পূৰ্বৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ সৈতে সমহাৰৰ দৰমহা লাভ কৰিব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷
➡️  উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ [এন ই এছ এ চি]ৰ সদ্য অৱসৰপ্ৰাপ্ত সঞ্চালক পি এন এল ৰাজুক অসম চৰকাৰে নতুনকৈ গঠন কৰিবলগীয়া  আঞ্চলিক মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ বিশেষ সচিব আৰু সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷
➡️  আজিৰ কেবিনেটে গুৱাহাটীস্থিত দাতব্য চিকিৎসা প্ৰতিষ্ঠান শংকৰদেৱ নেত্ৰালয়ক চৰকাৰে আবণ্টন দিয়া ভূমিৰ বাবদ প্ৰদান কৰিবলগীয়া প্ৰিমিয়াম ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
You might also like