নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ কেবিনেট বৈঠক লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ-

▶️ এতিয়াৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সকলোবোৰ চৰকাৰী কাৰ্যসূচী তথা বৈঠক জাতীয় সংগীতেৰে আৰম্ভ কৰিবলৈ আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷ তেনেদৰে এই চৰকাৰী কাৰ্যসূচী তথা বৈঠকসমূহ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰিব৷
এতিয়াৰে পৰা প্ৰতিখন চৰকাৰী সভা, অনুষ্ঠানত অসমৰ শিপিনীৰ হাতেবোৱা গামোছা ব্যৱহাৰ কৰা বাবে আজিৰ কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে৷ এনে চৰকাৰী সভা, অনুষ্ঠানসমূহত পৰম্পৰাগত খাদ্য ব্যৱহাৰ কৰা হ’ব৷ ৰাজ্যখনৰ আত্মসহায়ক মহিলা গোটসমূহে যাতে থলুৱাভাৱে প্ৰস্তুত কৰা খাদ্য বিক্ৰীৰ সুবিধা লাভ কৰে সেই উদ্দেশ্যৰে আজিৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে৷

▶️ আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰতিবছৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস ২৮ জুলাইৰ দিনটো ‘দেশভক্তি দিৱস’ হিচাপে উদ্‌যাপন কৰা হ’ব৷ ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত প্ৰতিখন জিলাতে আৰু ৰাজ্যিক পৰ্যায়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰা হ’ব৷

▶️ আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰতিবছৰে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস ৫ আগষ্টৰ দিনটো ‘কৰ্মচাৰী দিৱস’ ৰূপে পালন কৰা হ’ব৷ এই দিৱসৰ সৈতে সংগতি ৰাখি কৰ্মক্ষেত্ৰত দক্ষতা আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰা পাঁচজনকৈ কৰ্মচাৰীক জিলা পৰ্যায়ত আৰু দহজনকৈ কৰ্মচাৰীক ৰাজ্যিক পৰ্যায়ত পুৰস্কৃত কৰাৰ সিদ্ধান্ত লৈছে আজিৰ কেবিনেট বৈঠকে৷ অৱশ্যে এই বাছনি প্ৰক্ৰিয়াত ৰাজপত্ৰিত বিষয়াসকলক সামৰি লোৱা নহ’ব৷ পুৰস্কাৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হ’ব ৷

▶️ যিকেইখন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে সেই জিলাসমূহৰ সংশ্লিষ্ট অভিভাৱক মন্ত্ৰী আৰু সচিবসকলে কাইলৈৰ পৰা তিনিদিনৰ বাবে সেই জিলাসমূহত ভ্ৰমণ কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব৷

▶️ টেট প্ৰমাণ পত্ৰৰ ম্যাদ জীৱনজোৰা কৰা হ’ব ৷ প্ৰাৰ্থীসকলে নিজৰ ফলাফল উত্তীৰ্ণ কৰাৰ বাবে পৰীক্ষাত পুনৰ অৱতীৰ্ণ হ’ব পাৰিব ৷ অৱশ্যে চাকৰিৰ বাবে আৱেদন জনোৱাৰ ক্ষেত্ৰত বয়সৰ ঊদ্ধৰ্সীমা প্ৰযোজ্য হৈ থাকিব৷

You might also like