নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা ৰাজ্যৰ সকলোবোৰ চৰকাৰী কাৰ্যসূচী আৰম্ভ হ’ব জাতীয় সংগীতেৰে

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ এতিয়াৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সকলোবোৰ চৰকাৰী কাৰ্যসূচী তথা বৈঠক জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰে আৰম্ভ হ’ব। আজিৰ কেবিনেটে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে৷ তেনেদৰে এই চৰকাৰী কাৰ্যসূচী তথা বৈঠকসমূহ ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ পৰিৱেশনেৰে সামৰণি পৰিব৷

এতিয়াৰে পৰা প্ৰতিখন চৰকাৰী সভা, অনুষ্ঠানত অসমৰ শিপিনীৰ হাতেবোৱা গামোছা ব্যৱহাৰ কৰা বাবে আজিৰ কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে৷

এনে চৰকাৰী সভা, অনুষ্ঠানসমূহত পৰম্পৰাগত খাদ্য ব্যৱহাৰ কৰা হ’ব৷ ৰাজ্যখনৰ আত্মসহায়ক মহিলা গোটসমূহে যাতে থলুৱাভাৱে প্ৰস্তুত কৰা খাদ্য বিক্ৰীৰ সুবিধা লাভ কৰে সেই উদ্দেশ্যৰে আজিৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে৷

You might also like