নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ পিছতেই এদিনীয়া-টি ২০ বিদায় জনাব কোহলিয়ে!

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ শেহতীয়াকৈ এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীয়ে এক উজ্জ্বল শতক অৰ্জন কৰিছিল। অৱশ্যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলা নাই বিৰাট কোহলিয়ে। ভাৰতীয় দল আৰু বিৰাট কোহলিৰ দৃষ্টি আছে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত। ইফালে আই পি এলত বিৰাট কোহলিৰ সৈতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন খেলুৱৈ এ বি ডি ভিলিয়াৰ্ছে ডাঙৰ ভৱিষ্যদ্বাণী কৰিছে। ভিলিয়াৰ্ছৰ মতে ২০২৩ চনৰ বিশ্বকাপৰ পিছত বিৰাট কোহলিয়ে এদিনীয়া আৰু টি-২০ৰ পৰা বিদায় ল’ব। ভিলিয়াৰ্ছে নিজৰ ইউটিউব চেনেলত কয় যে ইয়াৰ পিছত ২০২৭ চনত দক্ষিণ আফ্ৰিকাৰ মাটিত অনুষ্ঠিত হ’ব আগন্তুক এদিনীয়া বিশ্বকাপ। বিৰাট কোহলিয়ে পৰৱৰ্তী বিশ্বকাপলৈ খেলিব নে নাই সেয়া কঠিন। তেওঁ কয় যে বিশ্বকাপ ২০২৭ৰ বাবে বহু সময় বাকী আছে। বিৰাট কোহলিক সুধিলে ক’ব যে বৰ্তমান বিশ্বকাপ ২০২৩ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। লগতে তেওঁ কয় যে যদি টীম ইণ্ডিয়াই বিশ্বকাপ জয় কৰে তেন্তে বিৰাট কোহলিৰ বাবে ইয়াতকৈ ভাল কি হ’ব। বিৰাট কোহলিৰ বাবে ই এক ডাঙৰ উপহাৰ হ’ব। ভিলিয়াৰ্ছে কয় যে এই বিশ্বকাপৰ পিছত বিৰাট কোহলিয়ে সম্ভৱতঃ এদিনীয়া আৰু টি-২০ ফৰ্মেটক বিদায় দিব পাৰিব। অৱশ্যে বিৰাট কোহলিয়ে আগন্তুক কেইটামান বছৰ টেষ্ট আৰু আই পি এল খেলিব পাৰিব। অৱশ্যে ভিলিয়াৰ্ছৰ ভৱিষ্যদ্বাণীৰ পিছতে বিৰাট কোহলিৰ কোটি কোটি অনুৰাগীৰ হৃদয় বিদাৰক হৈ পৰিছে যদিও ২০২৩ চনৰ বিশ্বকাপৰ পিছত বিৰাট কোহলিয়ে সঁচাকৈয়ে এদিনীয়া আৰু টি-২০ ফৰ্মেটক বিদায় দিব নেকি সেয়া চাবলৈ আগ্ৰহী হ’ব? বৰ্তমান বিৰাট কোহলিৰ বয়স প্ৰায় ৩৪ বছৰ। ইয়াৰ বাহিৰেও তেওঁ শাৰীৰিকভাৱে অতি সুস্থ। বিৰাট কোহলিৰ অনুৰাগীসকলে আশা কৰিছে যে আগন্তুক এদিনীয়া বিশ্বকাপলৈ কোহলিয়ে নিশ্চিতভাৱে খেলিব।

You might also like