নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাউন টাউন বিশ্ববিঃত কুচিপুড়ি নৃত্যৰ কর্মশালাৰ সামৰণী অনুষ্ঠানত অমল দাস

কর্মশালাই শিক্ষার্থীক নতুন নতুন অভিজ্ঞতা প্রদান কৰে

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ‘অসমৰ মাটিত ভৰি দি মোৰ অনুভৱ হোৱা নাছিল যে মই এখন পৃথক ৰাজ্যত ভৰি দিছোঁ৷ ভাৰতৰ দক্ষিণ অঞ্চলৰ পৰা আহি এই অসমত লাভ কৰা উষ্ণ আতিথ্যই মোক মুগ্ধ কৰিছে’৷ –এইমন্তব্য প্রসিদ্ধ কুচিপুড়ি নৃত্যশিল্পী সৌম্যা নায়াৰৰ৷

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা শাখাই আয়োজন কৰা ‘কুচিপুড়ি নৃত্যৰ কর্মশালাত মুখ্য প্রশিক্ষক হিচাপে অংশগ্রহণ কৰি এই মন্তব্য কৰে নায়াৰে৷ উল্লেখ্য যে কালি এই কর্মশালাৰ সামৰণি পৰে৷ কর্মশালাৰ সামৰণী অনুষ্ঠানৰ উদ্বোধন কৰি সাংবাদিক, ‘নিয়মীয়াবার্তা’ কাকতৰ কার্যবাহী সম্পাদক অমল দাসে কয়– ‘এনেধৰণৰ কর্মশালাই অকল শিক্ষার্থীসকলৰেই নহয়, ৰসিকসকলকো শিল্প ৰস আহৰণৰ নতুন নতুন অভিজ্ঞতা প্রদান কৰে৷’ বিশ্ববিদ্যালয়খনৰ এনে প্রচেষ্টাৰ ধাৰাবাহিকতাই অসমৰ শিল্পজগতখনলৈ নতুন উদ্দীপনাৰ লহৰ আনিব বুলিও তেওঁ আশা কৰে৷

ড০ শিল্পী সুধা গোস্বামীয়ে আঁত ধৰা এই সভাত অতিথিসকলক আদৰণি জনাই দিয়া ভাষণত বিশ্ববিদ্যালয়ৰ ডীন অৱ ষ্টাডিজ প্রফেছৰ বন্দনা দত্তই কয় যে বিশ্ববিদ্যালয়খনৰ পৰিবেশ্য কলা শাখাটিক উত্তৰ–পূব ভাৰতৰ সাংস্কৃতিক কেন্দ্র হিচাপে প্রতিষ্ঠা কৰাৰ সপোন এই শিক্ষা প্রতিষ্ঠানটিয়ে দেখি আছে, সকলো মহলৰ পৰা সহায়–সহযোগ পালে এয়া সফল হ’ব৷ অনুষ্ঠানত কর্মশালাৰ প্রশিক্ষার্থীসকলে কুচিপুড়ি নৃত্য প্রদর্শন কৰে৷ পৰিবেশ্য কলা শাখাৰ ছাত্র–ছাত্রীসকলৰ লগতে বিশ্ববিদ্যালয়খনৰ অইন শিক্ষার্থী আৰু শিক্ষাগুৰুৰ লগতে বাহিৰৰ শিল্পীয়েও এই কর্মশালাত অংশগ্রহণ কৰিছিল৷ নৃত্য পটীয়সী সৌম্যা নায়াৰে নিজে নৃত্য প্রদর্শন কৰাৰ লগতে প্রশিক্ষার্থীসকলৰ লগতো সমৱেত নৃত্যত অংশগ্রহণ কৰি প্রশিক্ষার্থীসকলক উৎসাহ প্রদান কৰে৷ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা–নৃত্যশিল্পী সংগীতা বডো আৰু সুকন্যা লহকৰৰ স’তেও তেওঁ এটি নৃত্য প্রদর্শন কৰে৷ নৃত্যানুষ্ঠানৰ অন্তত বিশিষ্ট অতিথি প্রসিদ্ধ নৃত্য–সমালোচক অতুল দত্তই নৃত্যবিষয়ক ভাষণ দিয়ে৷ অতিথি শিল্পী সৌম্যা ভৰদ্বাজক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সম্বর্ধনা জ্ঞাপন কৰে উপাচার্য নৰেন তালুকদাৰ আৰু প্রফেছৰবন্দনা দত্তই৷ কর্মশালাৰ প্রশিক্ষার্থীসকলক মানপত্র প্রদান কৰে অমল দাস, অতুল দত্ত আৰু সৌম্যা নায়াৰে৷ এই কর্মশালাখনৰ দায়িত্বত আছিল মাইক্র’বায়লজী বিভাগৰ সহকাৰী অধ্যাপিকা সংগীতাবড়ো৷

You might also like