নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ বিলিয়ন ডলাৰৰ ক্লাবত গৌতম আদানি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ভাৰতীয় উদ্যোগপতি গৌতম আদানি ১০০ বিলিয়ন মার্কিন ডলাৰ ক্লাবত অন্তর্ভুক্ত হৈছে৷ ব্লুমবার্গ বিলিয়নার্ছ ইনডেক্স অনুসৰি, এলন মাস্ক, জেফবেজছ, বিল গেইটছ আদিকে ধৰি ১০০ বিলিয়ন মার্কিন ডলাৰ ক্লাবত ভাৰতীয় উদ্যোগপতি গৌতম আদানিয়ে স্থান লাভ কৰিছে৷ বন্দৰ, খনি, সেউজ শক্তি আদিকে ধৰি বিভিন্ন খণ্ডৰ সাম্রাজ্যৰে নিজৰ সম্পত্তি বৃদ্ধি কৰা গৌতম আদানিয়ে চলিত বর্ষত ২৪ বিলিয়ন মার্কিন ডলাৰ উপার্জন কৰিবলৈ সক্ষম হৈছে৷ বর্ষটোৰ বিশ্বৰ সবাতোকৈ ধনী এলন মাস্ক, জেফ বেজছতকৈ অধিক ধন উপার্জন কৰিবলৈ সক্ষম হোৱাই নহয়, ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানিক চেৰ পেলাইছে আদানিয়ে৷ সম্প্রতি মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমাণ ১০০ বিলিয়ন ডলাৰৰ পৰা নিম্নগামী হৈ ৯৯ বিলিয়ন হৈছে৷ কয়লা উদ্যোগেৰে বিগত দুই বছৰত অভাৱনীয়ভাৱে উপার্জন কৰিবলৈ সক্ষম হোৱা গৌতম আদানিয়ে অতি কম সময়ৰ ভিতৰতে দেশৰ লগতে বিশ্বৰ অন্যতম ধনী হিচাপে স্বীকৃতি লাভ কৰিছে৷

You might also like