চীনা ‘গো প্রো কেমেৰা’ত বন্দী পেহেলগামৰ নাৰকীয় ঘটনা
ডিজিটেল ডেস্ক, ৫ মার্চ : সমগ্র দেশ কঁপাই তোলা পেহেলগামৰ নাৰকীয় আক্রমণৰ দৃশ্য ধৰি ৰাখিবলৈ সন্ত্রাসবাদীসকলে ব্যৱহাৰ কৰিছিল গো প্রো কেমেৰা৷ ৰাষ্ট্রীয় তদন্তকাৰী সংস্থা এনআইএৰ সন্দেহ যে এই গো প্রো কেমেৰা চীনৰ এখন দোকানৰ পৰা কিনা হৈছিল৷ সেই সূত্র ধৰিয়েই এই কেমেৰাৰ তথ্য জানিবলৈ এইবাৰ বেইজিঙৰ সাহায্য বিচাৰিছে এনআইএয়ে৷
জম্মুৰ ন্যায়ালয়ত এই সন্দর্ভত এখন চিঠি দিয়া হয় তদন্তকাৰী সংস্থাটোৰ তৰফৰ পৰা৷ তাত উল্লেখ কৰা হয় যে আক্রমণৰ সময়ত সন্ত্রাসবাদীসকলে ব্যৱহাৰ কৰা কেমেৰা চীনৰ এটা ডিষ্ট্রিবিউটৰৰ পৰা কিনা হৈছিল বুলি সন্দেহ কৰা হৈছে৷ এনে পৰিপ্রেক্ষিততে আৰু তদন্তৰ স্বার্থত এই কেমেৰাৰ তথ্য সংগ্রহৰ ক্ষেত্রত বেইজিঙৰ সাহায্য বিচৰাটো প্রয়োজন৷ এই আক্রমণৰ ষড়যন্ত্রত ব্যৱহূত সমস্ত ডিজিটেল ডিভাইচ পৰীক্ষা কৰি থকা হৈছে৷ তাৰ ভিতৰত এটা ইলেক্ট্রনিক ডিভাইচক লৈ সন্দেহ ঘনীভূত হয় তদন্তকাৰীসকলৰ৷ সেইটো হ’ল এটা গো প্রো হিৰো ১২ কেমেৰা৷ এই কেমেৰাত আক্রমণৰ পূর্বে কি কি কৰা হৈছিল, ক’লৈ গৈছিল সন্ত্রাসবাদীহঁত- এই ধৰণৰ বহু গুৰুত্বপূর্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে বুলি ন্যায়ালয়ত দাবী কৰে তদন্তকাৰী সংস্থা এনআইএয়ে৷
কিদৰে সেই কেমেৰা সন্ত্রাসবাদীৰ হাতলৈ গ’ল, কি প্রক্রিয়াৰে কেমেৰাটো সক্রিয় কৰা হৈছিল ইত্যাদি প্রশ্ণৰ উত্তৰ বিচাৰিছে তদন্তকাৰীসকলে৷ সূত্রৰ খবৰ মতে, কেমেৰা নির্মাণকাৰী সংস্থা গো প্রো বিভিয়ে৷ তদন্তকাৰীৰ সংস্থাৰ সৈতে যোগাযোগ কৰিছে৷ তেওঁলোকে দাবী কৰিছে যে চীনৰ এ–ই গ্রুপ ইণ্টাৰনেচনেল লিমিটেডৰ ওচৰত কেমেৰাটো সৰবৰাহ কৰা হৈছিল৷ চীনৰ ডংগুৱানত ২০২৪ বর্ষৰ ৩০ জানুৱাৰীত কেমেৰাটো সক্রিয় কৰা হয়৷ নির্মাণকাৰী সংস্থাটোৱে এই দাবীও কৰিছে যে তাৰ পিছৰে পৰা কেমেৰাটো কাৰ হাতলৈ কিদৰে গ’ল সেই সম্পর্কে তেওঁলোকৰ ওচৰত কোনো তথ্য নাই৷ এই কথা জনাৰ পিছত বেইজিঙৰ সহযোগিতা বিচৰাৰ সিদ্ধান্ত লোৱা হৈছে৷