নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট শিক্ষাবিদ ড০ কুতুবুদ্দিন আহমেদৰ বিয়োগ

অসমীয়া শ্বায়েৰীৰ স্রষ্টা

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ বিশিষ্ট সাহিত্যিক, সমালোচক, অধ্যাপক তথা অনুবাদক ড০ কুতুবুদ্দিন আহমেদ আৰু নাই৷ অসমীয়া শ্বায়েৰী সৃষ্টি কৰি অসমৰ ৰাইজৰ বিপুল সমাদৰ লাভ কৰা কুতুবুদ্দিন আহমেদৰ মৃত্যত শোকস্তব্ধ হৈ পৰে যোৰহাটবাসী৷ দীর্ঘদিন ধৰিবৃক্কৰ ৰোগত আক্রান্ত হৈ থকা ড০ আহমেদৰ আজি পুৱা প্রায় ৪বজাত গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত পৰলোকপ্রাপ্তি ঘটে৷ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ৯ মার্চত ড০ আহমেদক গুৱাহাটীৰ এপল’ হাস্পতালত ভর্তি কৰোৱা হৈছিল আৰু যোৱা পাঁচ দিন তেওঁ আই চি ইউত থাকিবলগীয়া হৈছিল৷ আজি ড০ আহমেদৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে যোৰহাটৰ শৈক্ষিক তথা সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰে৷ মৃত্যুৰ সময়ত ড০ আহমেদৰবয়স হৈছিল ৭৩ বছৰ৷ অতি অমায়িক তথা মৃদুভাষী ড০ আহমেদৰ জন্ম হৈছিল ১৯৪৮ চনৰ ৩ জানুৱাৰীত পশ্চিম যোৰহাটৰ পুলিবৰত৷ তেওঁৰ পিতৃ–মাতৃ আছিল প্রয়াত হাছান আলী আৰু প্রয়াত মেহেৰুন নিছা আলী৷ যোৰহাটতে স্কুলীয়া শিক্ষা গ্রহণ কৰি তেওঁ ১৯৬৯–৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত আৰু ১৯৭৭–৭৮ বর্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰে৷

তাৰ পাছত আহমেদে ১৯৮৯ চনত অধ্যাপক ড০ মহেন্দ্রবৰাৰ তত্ত্বাৱধানত ‘জ্যোতিপ্রসাদ আগৰৱালাৰ নাট্যশিল্প’ বিষয়ত অধ্যয়ন কৰি ডক্টৰেট ডিগ্রী লাভ কৰে৷ ড০ আহমেদে কর্মজীৱন আৰম্ভ কৰে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে আৰু তাৰ পৰাই তেওঁ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্রহণ কৰে৷ মহাবিদ্যালয়ৰ অধ্যাপনা কৰাৰ সমান্তৰালভাৱে তেওঁ নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ তাৰ ভিতৰত ‘ইংৰাজী সাহিত্যৰ চমু বুৰঞ্জী’ (তৃতীয় সংস্কৰণ), ‘শিল্পী–নাট্যকাৰ জ্যোতিপ্রসাদ আগৰৱালা’ (দ্বিতীয় সংস্কৰণ), ‘সাহিত্য কোষ’ (দ্বিতীয় সংস্কৰণ), ‘বিশ্ব সাহিত্যৰ সৌৰভ’ (দ্বিতীয় সংস্কৰণ), কাব্য সংকলন ‘শ্বায়েৰীৰ দৰে’, ‘এশ এটা অসমীয়া শ্বায়েৰী’, ‘মিত্রদেৱ মহন্ত’, ‘অসমীয়া ঐতিহাসিক উপন্যাসৰ গতিধাৰা’, ‘নির্বাচিত অসমীয়া শ্বায়েৰী’, ‘শিল্প আৰু শিল্পবোধ’, ‘বাহাদুৰ গাঁওবুঢ়া’, ‘সান্নিধ্যৰ মধুৰ সোঁৱৰণ’, ‘সাহসী মামণি’, সাহিত্য অকাডেমিৰ মধ্যযুগীয় সাহিত্যৰ কিছু অংশ ইংৰাজী লৈ অনূদিত অন্যতম৷ ইয়াৰ সমান্তৰালভাৱে প্রয়াত ড০ আহমেদে কেইবাখনো গুৰুত্বপূর্ণ গ্রন্থ সম্পাদনা কৰে৷ ড০ আহমেদে কর্মৰাজিৰ বাবে ২০১১ চনত অসম চৰকাৰৰ সাহিত্য বঁটা আৰু ২০১৩ চনত সাহিত্যিক পেন্সন লাভ কৰে৷ ইয়াৰ উপৰি তেওঁক বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে বিভিন্ন বঁটাৰে সন্মানিত কৰে৷
ড০ কুতুবুদ্দিন আহমেদৰ মৃত্যুত দেৰগাঁৱত শোকঃ ডিকেডি কলেজত ৰাজহুৱা শ্রদ্ধাঞ্জলি
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ কুতুবুদ্দিন আহমেদৰ মৃত্যুত দেৰগাঁৱত গভীৰ শোকৰ ছছা পৰে৷ দেৰগাঁওবাসী ৰাইজৰ অতি চিনাকি, জনপ্রিয় অধ্যাপক, লেখক, শ্বায়েৰীৰ স্রষ্টা, সাহিত্য সমালোচক, অসম সাহিত্য সভাৰ প্রাক্তন সহকাৰী সম্পাদকজনৰ মৃত্যুত দেৰগাঁৱৰ বিভিন্নব্যক্তি, দল–সংগঠনে গভীৰ শোক প্রকাশ কৰিছে৷ দেৰগাঁও সাহিত্য সভা, দেৰগাঁও সাংবাদিক সংস্থা, কমল দুৱৰা মহাবিদ্যালয়, দেৰগাঁও ক্রীডা সন্থা, দেৰগাঁও ছাত্র সন্থা, দেৰগাঁও নাগৰিক সন্থা, উদয়ন একাডেমী, দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, পেন্সনাৰ সন্থা, জ্যেষ্ঠ নাগৰিক সন্মিলন আদিৰ লগতে অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত সভাপতি ড০ পৰাগ ঠাকুৰ, শিক্ষাবিদ নীলপদ্ম ফুকন, সাহিত্যিক নুৰুল চুলতান, সমাজপ্রাণ অতুল গোস্বামী, নিবন্ধকাৰ পদ্মলোচন নাথ, দেৰগাঁও সাহিত্য সভাৰ সভাপতি প্রভাত চন্দ্র মহন্ত, প্রভাত ফুকন প্রমুখ্যে বিভিন্নজন ব্যক্তিয়ে আহমেদৰ মৃত্যুত শোকপ্রকাশ কৰি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰে৷ ইপিনে, তেওৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা আনি থকা পথত কর্মস্থান কমল দুৱৰা কলেজলৈ আনি ৰাজহুৱা শ্রদ্ধাঞ্জলি জনোৱা হয়৷
ৰঙামাটি সাহিত্য সভাৰ শোক
ড০ কুতুবুদ্দিন আহমেদৰ পৰলোকপ্রাপ্তিত আজি ৰঙামাটি সাহিত্য সভা ভৱনত ৰঙামাটি সাহিত্য সভাৰ সভাপতি বিজয়া দেৱী, সম্পাদক প্রদীপ শইকীয়া, জিলা সাহিত্য সভাৰ সভাপতি পৱিত্র বৰবৰা, প্রাক্তন সম্পাদক প্রদীপ বৰা, জয়ন্তী ফুকন বৰবৰা, শিৱেশ্বৰ দত্ত, আজীৱন সভ্য বিতুল শইকীয়া, সাংবাদিক পার্থপ্রতিম বৰুৱাসহ কেইবাগৰাকী সাহিত্য সভাৰ সদস্য–সদস্যাৰ উপস্থিতিত অসম সাহিত্য সভাৰ পতাকা অর্ধনমিত কৰাৰ লগতে শোক প্রকাশ কৰা হয়৷ইয়াৰ উপৰি গোলাঘাট জিলা সাহিত্য সভাই সভাৰ গোলাঘাটৰ কার্যালয় চৈয়দ আব্দুল মালিক ভৱনত অসম সাহিত্য সভাৰ পতাকা অর্ধনমিত কৰাৰ উপৰি জিলাখনৰ সকলো শাখা সাহিত্য সভাই আহমেদৰ বিয়োগত অসম সাহিত্য সভাৰ পতাকা অর্ধনমিত কৰাৰ বার্তা প্রেৰণ কৰিছে৷
অসম প্রকাশন পৰিষদৰ শোক
অৱসৰপ্রাপ্ত অধ্যাপক তথা অসম প্রকাশন পৰিষদৰ প্রাক্তন সদস্য ড০ কুতুবুদ্দিন আহমেদৰ মৃত্যুত অসম প্রকাশন পৰিষদে গভীৰ শোক প্রকাশ কৰিছে৷ এক শোকবার্তাত প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কয়–আজি পুৱা গুৱাহাটীৰ এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা ড০ কুতুবুদ্দিন আহমেদৰ মৃত্যু অসমীয়া সাহিত্য জগত তথা সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ সচিব কলিতাই মৃতকৰ প্রতি গভীৰ শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈও সমবেদনা জ্ঞাপন কৰিছে৷
অসম সাহিত্য সভাৰ ড০ কুতুবুদ্দিন আহমদৰ বিয়োগত শোক প্রকাশ
অসম সাহিত্য সভাৰ পৰম শুভাকাংক্ষী ব্যক্তি, সভাৰ প্রাচ্য বিদ্যার্ণৱ ড০ মহেশ্বৰ নেওগ অসম তত্ত্ব গৱেষণা সংস্থানৰ পঞ্জীয়ক ড০ কুতুবুদ্দিন আহমেদৰ পৰলোকপ্রাপ্তি অসম সাহিত্য সভাৰ বাবে এক বৃহৎ ক্ষতি৷ সভাই এজন পৰম সুহূদ লোকক হেৰুৱালে৷ ড০ কুতুবুদ্দিন আহমদ অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক আছিল ৷ প্রায় প্রতিদিন যোৰহাট কেন্দ্রীয় কার্যালয়ত উপস্থিত থকা ড০ আহমেদে বিনা পাৰিশ্রমিকেৰে পঞ্জীয়কৰ সেৱা আগবঢ়াইছিল৷ এনে এজন বিৰল ব্যক্তিত্বৰ হিতৈষী লোকক হেৰুৱাই অসম সাহিত্য সভাৰ পুৰণি সকলো সভ্য–বিষয়ববীয়া অতিশয় ব্যথিত হৈছে৷ আমি তেখেতৰ বিদেহ আত্মাৰ পৰম শান্তি প্রার্থনা কৰিছোঁ আৰু এলিজা বাইদেউ প্রমুখ্যে পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷– এক শোক বার্তাত এনেদৰে প্রকাশ কৰে অসম সাহিত্য সভাই৷

You might also like