নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইষ্টাৰ ছানডে’ত পোপ ফ্রান্সিছৰ আহ্বানঃ দুর্দশাগ্রস্তলৈ প্রেৰণ কৰক ক’ভিড–১৯ৰ ভেকচিন

নিয়মীয়া বাৰ্তা, ৫ এপ্রিলঃ ইষ্টাৰ ছানডে’ত বিশ্ববাসীলৈ এক বার্তাত কেথ’লিক খ্রীষ্টানৰ মুৰব্বী পোপ ফ্রান্সিছে ক’ভিড–১৯ মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত দুখীয়া তথা দুর্দশাগ্রস্ত দেশসমূহক সহায় কৰাৰ আহ্বান জনাইছে৷

অকল সেয়াই নহয়, ‘মহানগৰৰ পৰা বিশ্বলৈ’ শীর্ষক বার্তাত পোপ ফ্রান্সিছে পৃথিৱীবাসীয়ে ভুগি থকা বিভিন্ন সমস্যা সন্দর্ভতো পর্যালোচনা আগবঢ়ায়৷ ইয়াৰ উপৰি বিশ্বত শান্তি প্রতিষ্ঠাৰ বাবে সকলোকে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ আহ্বান জনাইছে কেথ’লিক খ্রীষ্টানৰ মুৰব্বীগৰাকীয়ে৷

বিশেষকৈ বিশ্বৰ দুখীয়া লোকসকলে আজিৰ মুহূর্তত ক’ভিড–১৯ ভেকচিন সমৃদ্ধিশালী দেশবোৰৰ পৰা লাভ কৰিব লাগিব বুলি উল্লেখ কৰিছে পোপে৷ বিশ্বৰ সংঘর্ষজর্জৰ অঞ্চলসমূহত জনতাৰ দুর্বিষহ যন্ত্রণাৰ বিষয়টোত গুৰুত্ব নিদি কেৱল অস্ত্র ক্রয়ত বিভিন্ন পক্ষই প্রাধান্য দি থকা বুলি আক্ষেপো প্রকাশ কৰে পোপ ফ্রান্সিছে৷

মহামাৰীৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়তো কেনেদৰে ৰক্তক্ষৰণৰ বাবে অস্ত্র ক্রয় কৰা সম্ভৱ তাক লৈ উদ্বেগ প্রকাশ কৰিছে ধর্মীয় নেতাগৰাকীয়ে৷ ইষ্টাৰত ধর্মীয় কার্যসূচীৰ সময়ত পোপে ক’ৰোনা ভাইৰাছ মহামাৰীৰ একেৰাহে দ্বিতীয়টো বর্ষতো বিশ্ববাসী আক্রান্ত হৈ থকা বিষয়টো অতি উদ্বেগজনক বুলি অভিহিত কৰিছে৷

স্মর্তব্য যে ইষ্টাৰ ছানডে’ কার্যসূচীত ভেটিকানৰ ছেইণ্ট পিটার্ছ স্কোৱাৰত পোপৰ বার্তা শুনিবলৈ উপস্থিত হয় লক্ষাধিক লোক৷ অৱশ্যে গির্জাত সেই সময়ত মাত্র ২০০ লোককহে প্রৱেশৰ অনুমতি প্রদান কৰা হৈছিল৷

You might also like