নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতন্ত্রৰ উৎসৱ

অসমত ইতিমধ্যে সামগ্রিকভাৱে শান্তিপূর্ণকৈ দুটা পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হৈ গৈছে৷ দেওবাৰে প্রচাৰ অভিযানৰ অন্ত পৰাৰ পিছত নির্বাচন আয়োগৰ পূর্বঘোষিত সূচী অনুসৰি অহা ৬ এপ্রিলত ৪০টা বিধানসভা সমষ্টিত তৃতীয় পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ প্রথম পর্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱা ৪৭টা আৰু দ্বিতীয় পর্যায়ৰ ৩৯টা সমষ্টিক লৈ শাসক–বিৰোধী উভয় শিবিৰৰ লগতে প্রতিদ্বন্দ্বী প্রার্থীসকলৰ মাজত সমীকৰণ অব্যাহত থকাৰ মাজতে তৃতীয় পর্যায়ৰ নির্বাচনক কেন্দ্র কৰিও ব্যাপক গুণাগঁথা অব্যাহত আছে৷ এইবাৰৰ নির্বাচনত ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ বিপৰীতে প্রতিদ্বন্দ্বিতাত নামিছে মুঠ ৯৪৬জন প্রার্থীয়ে৷ ইয়াৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৩৩,৭৪,০৮৭জন৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনত ভোটাৰৰ ব্যাপক উৎসাহ–উদ্দীপনা পৰিলক্ষিত হৈছে৷ গণতন্ত্রৰ উৎসৱত গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্রলৈ ওলাই আহিছে আবাল–বৃদ্ধ–বনিতা–য্ প্রজন্ম৷ নিঃসন্দেহে এয়া গণতন্ত্রৰ বাবে শুভ লক্ষণ ৰূপে চিহ্ণিত হৈছে৷ প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱা ৪৭টা সমষ্টিৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা হ’ল ৮১,০৯,৮১৫জন৷ ইয়াৰে ৭৯.৯৩ শতাংশ হাৰে ৬৪,৮২,৫৭২জন ভোটাৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল উজনি আৰু উত্তৰ অসমৰ ৪৭ সমষ্টি সামৰি অনুষ্ঠিত কৰা প্রথম পর্যায়ৰ নির্বাচনত পুৰুষতকৈ মহিলা ভোটাৰৰ সঁহাৰি আছিল তুলনামূলকভাৱে অধিক৷ ৭৫.৭৯ শতাংশ পুৰুষ ভোটাৰে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে মহিলাৰ ক্ষেত্রত এই হাৰ হ’ল ৭৬.০৭ শতাংশ৷ সেইদৰে দ্বিতীয় পর্যায়ৰ নির্বাচনত ৭৩,৪৪,৬৩১জন ভোটাৰৰ ভিতৰত ৮০.৯৬ শতাংশ হাৰে ৫৯,৪৬,৩৮৮জন ভোটাৰে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে৷ তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিতব্য ৪০টা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭৯,১৯,৬৪১জন৷ অহা ৬ এপ্রিলতো প্রথম আৰু দ্বিতীয় পর্যায়ৰ দৰে ভোটদানৰ হাৰ উৎসাহজনক হ’ব বুলি ধাৰণা কৰা হৈছে৷
গণতান্ত্রিক শাসন ব্যৱস্থাত নাগৰিকৰ ভোটটোৰ ওপৰতেই চৰকাৰ গঠনৰ বিষয়টো সম্পূর্ণৰূপে নির্ভৰশীল৷ সেয়েহে প্রতিজন নাগৰিকে ভোটদান কৰিবলৈ আগবাঢ়ি অহা উচিত৷ এয়া তেওঁলোকৰ অধিকাৰ৷ এইবাৰ নির্বাচন আয়োগে ভোটদানক লৈ জনসাধাৰণৰ মাজত ব্যাপক সজাগতামূলক অভিযান গঢ়ি তুলিছে৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনত ভোটাৰৰ উৎসাহ–উদ্দীপনাৰ পৰাই নির্বাচন আয়োগৰ এনে পদক্ষেপৰ ইতিবাচক প্রভাৱ পৰা বুলি নিশ্চিতভাৱে ক’ব পাৰি৷ ক’ভিড কালত অনুষ্ঠিত নির্বাচনত যাতে সকলোৱে অংশগ্রহণ কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি মহামাৰীৰ সংক্রমণ প্রতিৰোধমূলক ব্যৱস্থাকে ধৰি ভোটগ্রহণ প্রক্রিয়া স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ নির্বাচন আয়োগে গ্রহণ কৰা পদক্ষেপে ইতিমধ্যে জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিছে৷ অৱশ্যে ইয়াৰ মাজতো ইভিএম বিজুতিকে ধৰি দুই–এটা বিক্ষিপ্ত ঘটনা সংঘটিত নোহোৱাকৈ থকা নাই৷ অনাগত দিনত ভোটদানলৈ জনসাধাৰণক আকর্ষিত কৰাৰ হকে ১০০ শতাংশই ইভিএম বিজুতি–বিক্ষিপ্ত ঘটনামুক্ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে নির্বাচন আয়োগে বাস্তৱসন্মত কার্যপন্থা গ্রহণ কৰাৰ প্রয়োজনীয়তা আছে৷ তেতিয়া স্বতন্ত্র সংস্থা নির্বাচন আয়োগৰ প্রতি জনসাধাৰণৰ আস্থা অধিক বৃদ্ধি পাব৷

You might also like