নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত বেৰিকেড ভাঙি ওলাল ক’ৰোনা আক্রান্ত, শংকিত স্বাস্থ্যকর্মী

নিয়মীয়া বার্তা, ২ জুনঃ লখিমপুৰ জিলা পানীগাঁৱৰ তেলাহী ক’ভিড চিকিৎসালয়ত থকা ক’ৰোনা ৰোগীসকলৰ অভব্য আচৰণে চিকিৎসাকর্মীসকলক্ শংকিত কৰি তুলিছে৷ চিকিৎসাধীন হৈ থকা গৰিষ্ঠসংখ্যক ক’ৰোনা ৰোগীয়ে নীতি–নিয়ম জলাঞ্জলি দি চিকিৎসায়খনৰ চৌহদত সোমবাৰে বিয়লিৰ পৰা নিশা লৈকে পিয়াপি দি ফুৰে৷

য’তে–ত’তে থু–খেকাৰ পেলাই চিকিৎসালয়ৰ চৌহদটো বিপজ্জনক কৰি তোলে৷ চিকিৎসাকর্মীসকলে শংকিত হৈ প্রায় ৪ ঘণ্টা সময় ধৰি কোঠাৰ ভিতৰতে সোমাই থাকে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা উদ্ধাৰ কৰিবলৈ উর্ধতন কর্তৃপক্ষক অনুৰোধ কৰে৷ ঘটনাৰ বিৱৰণী মতে আজি বিয়লি প্রায় চাৰি বজাৰ পৰা ক’ৰোনা ৰোগী একাংশই চিকিৎসালয়ৰ ওপৰ মহলৰ বেৰিকেড ভাঙি তললৈ নামি আহে৷ চিকিৎসকে বাৰে বাৰে বাধা দিয়া সত্ত্বেও তেওঁলোকে কাণসাৰ নিদি চিকিৎসালয়খনৰ চৌহদত পায়চাৰি কৰিবলৈ ধৰে আৰু য’তে–ত’তে থুৱাবলৈ ধৰে৷ আনকি বহু সময় ধৰি জুম বান্ধি আড্ডা মাৰে৷

কাষতে থকা আৰক্ষীকেইজনেও বাধা দিবলৈ যত্ন কৰে যদিও ৰোগীকেইজনে গুৰুত্ব আৰোপ নকৰি নিয়ম ভংগ কৰি যায়৷ আনকি আৰক্ষীকো ভাবুকিহে দিয়ে৷ উপায়ন্তৰ হৈ চিকিৎসা বিষয়াই লখিমপুৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰে৷ প্রশাসনৰ তৰফৰ পৰা এটি আৰক্ষী দল প্রেৰণ কৰি মায়েকেৰে ঘোষণা কৰি কোনোমতে কৰ’না ৰোগীসকলক ভিতৰলৈ পঠিয়াবলৈ সক্ষম হয়৷ এই ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

You might also like