নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত মুম্বাইক সহায় কৰিব কেৰালাৰ চিকিৎসকে

নিয়মীয়া বার্তা, ২ জুনঃ ক’ভিড–১৯ত সর্বাধিক আক্রান্ত আৰু প্রাণ হেৰুওৱা দেশৰ ৰাজধানী মুম্বাইত চিকিৎসা সেৱাত সহায় কৰিব কেৰালাৰ শতাধিক স্বাস্থ্যকর্মীয়ে৷ ক’ভিড–১৯ যুঁজত জর্জৰিত মুম্বাইত চিকিৎসকৰ নাটনি হৈ পৰাৰ পৰিপ্রেক্ষিততে কেৰালাৰ পৰা ১০০ তকৈ অধিক চিকিৎসক আৰু নার্ছে হাস্পতালসমূহত চিকিৎসা সেৱা আগবঢ়াব বুলি কেৰালাৰ তিৰুৱন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ উপ–ধীক্ষক ডাঃ সন্তোষ কুমাৰে প্রকাশ কৰিছে৷

উপ–ধীক্ষকগৰাকীয়ে প্রকাশ কৰা মতে, আজিৰে পৰাই মুম্বাইৰ বিভিন্ন হাস্পতালত এই চিকিৎসক–নার্ছসক পর্যায়ক্রমে কর্তব্যত যোগদান কৰিব৷ মন কৰিবলগীয়া যে কিছুদিন পূর্বে মুম্বাইৰ চিকিৎসালয়ত চিকিৎসাকর্মীৰ নাটনি হোৱাত ক’ভিড আক্রান্ত স্বাস্থ্যকর্মীয়ে সেৱা আগবঢ়োৱাৰ তথ্য পোহৰলৈ আহিছিল৷ ইয়াৰ পিছতেই মুম্বাইত স্বাস্থ্যকর্মীৰ অধিক প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কেৰালাই স্বেচ্ছাই ক’ভিড–১৯ যুঁজত অংশ ল’বলৈ আগবাঢ়ি আহিছে৷

You might also like