শিক্ষাবিদ, সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ দেহাৱসান: সাহিত্যিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা ৩ জুনঃ ক’ভিডত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ড০ লক্ষ্মীনন্দন বৰাই। দীৰ্ঘদিন ধৰি ড০ বৰা আই চি ইউ চিকিতসাধীন হৈ আছিল সাহিত্যিকগৰাকী। মহানগৰীৰ এক্সেল কেয়াৰ হস্পাতালত ভৰ্তি হৈ আছিল ড০ বৰা।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল ড০ লক্ষ্মীনন্দন বৰা। ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল।
ড০ বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে শোক প্ৰকাশ কৰি কয় যে অপূৰ্ব কথনশৈলীৰে জনজীৱনক গভীৰভাবে চুই যোৱা বিৰল প্ৰতিভাধৰ সাহিত্যিক লক্ষ্মীনন্দন বৰাদেৱৰ পৰলোকপ্ৰাপ্তিত ৰাজ্যৰ সাহিত্য জগতৰ এক বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল। প্ৰয়াত সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ।
প্ৰয়াত লক্ষ্মীনন্দন বৰাদেৱৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে