নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগোত নতুন বিপর্যয়

দুর্ভিক্ষাক্রান্ত আফ্রিকান ৰাষ্ট্র কংগোত নতুন বিপর্যয় আহি পৰিছে৷ দীর্ঘদিন ধৰি দৰিদ্রতা আৰু ক্ষুধাৰ সৈতে যুঁজি থকা কংগো গণতান্ত্রিক গণৰাজ্য (ডি আৰ চি)ত যোৱা ২২ মে’ত মাউণ্ট নিৰাগংগো আগ্ণেয়গিৰিৰ উদ্গীৰণৰ পিছতে লাখ লাখ লোক পুনৰ ক্ষুধাৰ কবলত পৰিছে৷ বহু হাজাৰ পৰিয়াল গৃহহীন হৈছে দেশখনৰ পূব প্রান্তৰ চহৰ গোমাত৷ লক্ষণীয়ভাৱে কংগো হৈছে আফ্রিকাৰ অতি দৰিদ্র দেশসমূহৰ ভিতৰত অন্যতম৷ সংঘর্ষ, গৃহযুদ্ধ আদিৰ দ্বাৰা আক্রান্ত দেশখনত বিগত কেইবাটাও দশক ধৰি লাখ লাখ লোকে অর্ধাহাৰে–নাহাৰে কটাবলগীয়া হৈছে৷ শেহতীয়াকৈ আন্তর্জাতিক দাতব্য সংস্থা মেডিচিনছ ছানছ ফ্রণ্টিয়ার্ছ (এম এছ এফ)ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি আগ্ণেয়গিৰি উদ্গীৰণৰ ফলত গোমা চহৰত ৫ লক্ষাধিক লোক গৃহহীন হৈ পৰিছে৷ এই লোকসকলে বিগত এটা সপ্তাহ ধৰি প্রয়োজনীয় খোৱাপানীৰ অভাৱত কটাবলগীয়া হৈছে৷ আনফালে, বহু হাজাৰ পৰিয়ালে আগ্ণেয়গিৰিৰ উদ্গীৰণৰ পিছৰে পৰা অনাহাৰে দিন কটাইছে বিভিন্ন অস্থায়ী আশ্রয় শিবিৰত৷ আগ্ণেয়গিৰিৰ উত্তপ্ত লাভাই ধ্বংস কৰিছে বহু বাসগৃহ৷ আনকি চহৰখনৰ বহু বসতি অঞ্চল আগ্ণেয়গিৰিৰ উত্তপ্ত লাভাই সম্পূর্ণৰূপে বসবাসৰ অনুপযোগী কৰিছে৷ পৰিণতিত হাজাৰ হাজাৰ পৰিয়ালৰ পুনৰ নিজ ঘৰলৈ উভতি অহাৰ পথ বন্ধ হৈছে চহৰখনত৷ ইফালে, এম এছ এফে সদৰী কৰা অনুসৰি এতিয়া অস্থায়ী আশ্রয় শিবিৰসমূহত ভূতৰ ওপৰত দানহ পৰাদি ক্ষুধিত শিশুসকলৰ বহুতেই আক্রান্ত হৈছে কলেৰাত৷ অর্থাৎ আগ্ণেয়গিৰি উদ্গীৰণৰ পিছৰে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে কংগোত৷ ২০০২ চনতো কংগোৰ এই বৃহৎ তথা জাগ্রত আগ্ণেয়গিৰিটোৰ উদ্গীৰণ ঘটিছিল৷ সেই সময়ছোৱাত আঢ়ৈ শতাধিক লোকে প্রাণ হেৰুওৱাৰ উপৰি কেইবাহাজাৰো গৃহহীন হ’বলগীয়া হৈছিল৷ আনকি সমীপৱর্তী গোমা চহৰৰ পৰা পলায়ন কৰিছিল হাজাৰ হাজাৰ লোকে৷ অনুৰূপ পৰিস্থিতি এইবাৰ পুনৰ দেখিবলৈ পোৱা গৈছে৷ এম এছ এফে আন্তর্জাতিক সংস্থাসমূহক শীঘ্রে কংগোৰ এই সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে যদিও মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ বাবে কোনো সংগঠনেই কংগোক এই বিপর্যয়ৰ সময়ত সহায় কৰিবলৈ আগবাঢ়ি অহা নাই৷
আফ্রিকাৰ ভয়াৱহ প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন হৈ অহা দেশসমূহৰ ভিতৰত কংগোও অন্যতম৷ শেহতীয়াকৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা প্রাকৃতিক পৰিঘটনাবোৰে আফ্রিকাৰ বহু দেশত সৃষ্টি কৰিছে দুর্ভিক্ষ৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রভাৱত সৃষ্টি হোৱা মহাসাগৰীয় পৰিঘটনা এল নিনোৱে ইতিমধ্যে সমগ্র আফ্রিকাজুৰি সৃষ্টি কৰিছে এক ভাৰসাম্যহীন জলবায়ুৰ পৰিস্থিতি৷ ছাহাৰাৰ উপকণ্ঠীয় অঞ্চলসমূহত অতিবৃষ্টি আৰু অনাবৃষ্টিয়ে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি৷ এই প্রাকৃতিক বিপর্যয়ৰ ফলত আফ্রিকাৰ বিভিন্ন দেশৰ পৰা অন্য স্থানলৈ পলায়ন কৰিবলগীয়া হৈছে সাধাৰণ জনতাই৷ শেহতীয়াকৈ ভূমিকম্প, আগ্ণেয়গিৰি, বান, খৰাং আদি পৰিস্থিতি আফ্রিকাৰ দেশসমূহত সুলভ দৃশ্যত পৰিণত হৈছে৷ যাৰ ফলত সমগ্র আফ্রিকাৰ অর্থনৈতিক ভেটিটোত সৃষ্টি হৈছে বিপর্যয়৷ বহু আন্তর্জাতিক বিত্তীয় সংস্থাই আফ্রিকাৰ দুর্দশাগ্রস্ত দেশসমূহৰ অর্থনীতি সুদৃঢ় কৰাৰ প্রচেষ্টা চলাই আহিছে যদিও এই প্রাকৃতিক পৰিঘটনাবোৰ হৈ পৰিছে তীব্র প্রত্যাহ্বান৷ শেহতীয়াকৈ কংগোত যি ভয়াৱহ পৰিস্থিতি আগ্ণেয়গিৰিৰ উদ্গীৰণে সৃষ্টি কৰিছে তাৰ প্রতিকূল প্রভাৱ দীর্ঘদিনলৈ পৰিব দেশখনৰ অর্থনীতিৰ ওপৰত৷ অর্থাৎ এই আগ্ণেয়গিৰিৰ ফলত কংগোত লাখ লাখ লোক দীর্ঘদিনলৈ দুর্ভিক্ষৰ কবলত থাকিবলগীয়া হ’ব৷ গতিকে এনে এক ভয়াৱহ পৰিস্থিতিৰ পৰা কংগোক ৰক্ষা কৰিবলৈ এম এছ এফে আন্তর্জাতিক সংস্থাসমূহক শীঘ্রে সাহায্য অভিযান ক্ষিপ্রতৰ কৰিবলৈ আহ্বান জনাইছে৷ দাতব্য সংস্থাটোৰ এই আহ্বানৰ প্রতি আন্তর্জাতিক সংগঠনসমূহে কেনে সঁহাৰি প্রদর্শন কৰে সেয়া লক্ষণীয় হ’ব৷ কিন্তু এটা কথা ঠিক যে কংগোক আগ্ণেয়গিৰিৰ উদ্গীৰণে এক মহা দুর্যোগৰ সন্মুখীন কৰাইছে৷ ইয়াৰ পৰা পৰিত্রাণ পাবলৈ দেশখনত কমেও এটা দশকৰ প্রয়োজন হ’ব৷ বিধ্বস্ত বাসগৃহবোৰ পুনৰ নির্মাণ কৰা, লাখ লাখ গৃহহীন লোকক পুনৰ সংস্থাপিত কৰা আদি কামবোৰ কংগোৰ চৰকাৰৰ বাবে হ’ব প্রত্যাহ্বান৷ এইবাবে মানৱীয় দৃষ্টিভংগীৰে আন্তর্জাতিক সম্প্রদায়ে কংগোক এই বিপর্যয়ৰ সময়ত সহায় কৰিবলৈ আগবাঢ়ি অহা উচিত৷

You might also like